গুৱাহাটী, সংবাদ ৩৬৫, ১৬ মে’ : অসমত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত সংখ্যা ৯১ লৈ বৃদ্ধি পালে। কামৰূপ মহানগৰ জিলাৰ শুকুৰবাৰে নতুনকৈ ৩ জন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি টুইট যোগে স্বাস্থ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰাৰ পিছত শনিবাৰে পুনৰ আলু গুদামৰ দুজন লোক আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত।

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা লোকৰ সংখ্যা। শনিবাৰে পুনৰ অসমত ২ জন লোকৰ শৰীৰত ধৰা পৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছ। মহানগৰী গুৱাহাটীৰ ফাঁচী বজাৰ আলু গুদামৰ ২ জন লোক নতুনকৈ মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছে। আক্রান্ত লোক ২ জনৰ ঘৰ মহানগৰী গুৱাহাটীত বুলি জানিব পৰা গৈছে। শুকুৰবাৰেও কামৰূপ মহানগৰ জিলাত ৩ জনকৈ লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈছিল। শুকুৰবাৰে আক্রান্ত লোক ৩ জনৰ ভিতৰত এজন সৰুসজাই কোৱাৰেইণ্টাইন কেন্দ্ৰৰ, এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা ৰোগী আৰু এজন আক্ৰান্ত লোক অসমৰ পৰা পশ্চিম বংগলৈ উভতি যোৱা বুলি জানিব পৰা গৈছিল। ফাঁচী বজাৰ আলু গুদামত নতুনকৈ ২ জন লোকৰ শৰীৰত কভিড-১৯ কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত ৰাজ্যত মুঠ আক্ৰান্তৰ সংখ্যা ৯১ লৈ বৃদ্ধি পাইছে। ইয়াৰে ৪১ গৰাকীকৈ আক্রান্ত লোক ইতিমধ্যে সুস্থ হৈ ঘৰলৈ উভটিছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ টুইট যোগে এই কথা সদৰি কৰিছে।

উল্লেখ্য যে, ৰাজ্যত কভিড-১৯ কৰ’ণা ভছিৰাছত আক্রান্ত লোক সকলৰ ভিতৰত অধিক সংখ্যক আক্রান্তই হৈছে কামৰূপ মহানগৰ জিলাৰ। উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ হিচাপে চিহ্নিত ফাঁচী বজাৰতেই ১৮ গৰাকীকৈ লোক আক্রান্ত হৈছে কভিড-১৯ কৰ’ণা ভাইৰাছত। অসমৰ ৯১ গৰাকী কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোক সকলৰ ভিতৰত ৪১ গৰাকী সুস্থ হৈ উঠাৰ পৰিবৰ্তে বৰ্তমান চিকিসাধীন হৈ আছে ৪৬ গৰাকী লোক। আক্রান্তৰ ভিতৰত ২ জন লোকৰ মৃত্যু হৈছে আৰু ২ জন লোক অসমৰ পৰা অন্য ৰাজ্যলৈ উভতি গৈছে।