গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মে’: গুৱাহাটীত পুনৰ দুজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাৰ লগতে শিৱসাগৰ আৰু শোণিতপুৰত এজনকৈ লোক আক্রান্ত হৈছে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট যোগে সদৰি কৰিছে ৰাজ্যত নতুনকৈ চাৰিজন লোক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱাত মুঠ আক্রান্ত সংখ্যা ৯৫ লৈ বৃদ্ধি পোৱা বুলি।

অসমত প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা। শনিবাৰে নিশা ১১.৫৫ মিনিটত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথটো টুইট কৰি শোণিতপুৰ জিলাত এজন লোক কভডি-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি, ইয়াৰ কিছু সময় পিছত দেওবাৰে পুৱতি নিশা ১২.৪০ মিনিটত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে দ্বিতীয়টো টুইট কৰি গুৱাহাটী মহানগৰীৰ বাবে পুনৰ বেয়া খবৰ লৈ আহে, গুৱাহাটীত পুনৰ দুজন লোক কভিড-১৯ কৰ’ণাভাইৰাছত আক্রান্ত হোৱা বুলি সদৰি কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে পুনৰ পুৱতি নিশা ২.৩৩ মিনিটত তৃতীয়াটো টুইট যোগে শিৱসাগৰ জিলাৰ এজন যুৱক কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হোৱা বুলি সদৰি কৰে। এই চাৰিজন লোক নতুনকৈ কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত বুলি নিশ্চিত হোৱাৰ পিছত ৰাজ্যত আক্রান্তৰ সংখ্যা ৯৫ লৈ বৃদ্ধি পাইছে।

ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত মুঠ ৯৫ জন লোকৰ ভিতৰত ৪১ জন লোক সুস্থ হৈ উঠাৰ পৰিবৰ্তে বৰ্তমান চিকিৎসাধীন হৈ আছে ৫০ জনকৈ লোক। কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত হৈ ৰাজ্যত বৰ্তমানলৈকে ২ জন লোকৰ মৃত্যু হোৱাৰ পৰিবৰ্তৰ ২ জন লোকে ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই গৈছে। ৰাজ্যত কভিড-১৯ কৰ’ণা ভাইৰাছত আক্রান্ত ৯৫ জন লোকৰ ভিতৰত ২৯ জন লোক গুৱাহাটী মহানগৰীৰ।