কুন্দন ভৰালী

নগাঁও

২৩ ছেপ্টেম্বৰ

এ টি এমৰ পৰা ধন লুণ্ঠন কৰা এটা আন্তঃৰাজ্যিক চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলাই নগাঁও আৰক্ষী সক্ষম হৈছে চক্ৰটোৰ দুজন সদস্যক কৰায়ত্ত কৰিবলৈ।নগাঁও আৰক্ষীয়ে কৰায়ত্ত কৰা এ টি এমৰ ধন লুণ্ঠন কৰা চক্ৰৰ সদস্য দুজন হৈছে দিলৱাৰ হুছেইন আৰু আব্দুল ৰহমান।

নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মোহনলাল মীনাই বুধবাৰে এক সংবাদ মেলত সদৰি কৰে যে ধৃত দিলৱাৰ হুছেইনৰ ঘৰ লংকা আৰক্ষী থানাৰ অন্তৰ্গত বামুণগাঁৱত আৰু আব্দুল ৰহমানৰ ঘৰ লংকাৰে ইচলামবস্তিত। ধৃত লোক দুজন এটা আন্তঃৰাজ্যিক এ টি এম লুণ্ঠন কৰা চক্ৰৰ লগত জড়িত। এই চক্ৰটোৰ অধিকাংশ সদস্যই হাৰিয়ানাৰ। অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সদৰি কৰা মতে হাৰিয়ানাৰ চক্ৰটোক ধৃত দিলৱাৰ হুছেইন আৰু আব্দুল ৰহমানে স্থানীয়ভাৱে অসমৰ পৰা সহায় কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সদৰি কৰা মতে ধৃত এই দুইজন লোকক হোজাই জিলাৰ চাহাবউদ্দিন নামৰ আন এজন লোকেও সহায় কৰে।আৰক্ষীয়ে ইতিমধ্যে কৰায়ত্ত কৰা দিলৱাৰ হুছেইন আৰু আব্দুল ৰহমানৰ স্বীকাৰোক্তিৰ ভিত্তিত চাহাবাউদ্দিনৰ নগাঁও চহৰৰ চকিটুপস্থিত বাসগৃহত অভিযান চলাই চাহাবাউদ্দিনৰ বাসগৃহৰ পৰা এ টি এম কটা গেছ চিলিণ্ডাৰকে ধৰি অন্যান্য বহু সৰঞ্জাম জব্দ কৰিছে। ধৃত দিলৱাৰ হুছেইন আৰু আব্দুল ৰহমানক পাঁচদিনৰ আৰক্ষী জিম্মাত ৰাখি অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা চলাই থকা বুলিও জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকজনে।

অতিৰিক্ত আৰক্ষী অধীক্ষকজনে লগতে সদৰি কৰা মতে এই আন্তঃৰাজ্যিক চক্ৰটোৰ এজন সদস্যক শিলচৰ আৰক্ষীয়ে আৰু দুজন সদস্যক হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এই চক্ৰটোৱে নগাঁৱত তিনিটা এ টি এম লুণ্ঠন কৰা বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষকজনে সদৰি কৰে। হোজাই জিলাৰ লংকাত বসবাস কৰা হাৰিয়ানাৰ কাচিম খান নামৰ অন্য এজন লোকৰ জৰিয়তে অসমৰ চক্ৰৰ লগত হাৰিয়ানাৰ চক্ৰটোৱে যোগাযোগ স্থাপন কৰে বুলিও জন্যবলৈ দিয়ে অতিৰিক্ত আৰক্ষী অধীক্ষকজনে।