মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও

১৫ চেপ্টেম্বৰ

বি টি চি পৰিষদীয় নিৰ্বাচনকলৈ উত্তপ্ত বড়োভূমি। বি পি এফ কৰ্মীৰ দ্বাৰা ইউ পি পি এলৰ সমৰ্থকক আক্ৰমণৰ লগতে মহিলাৰ শ্লীলতা হানিৰ অভিযোগ।বি পি এফ দলৰ পাঁচ জনকৈ কৰ্মীৰ বিৰুদ্ধে এজাহাৰ দাখিল।

কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ ভাওৰাগুৰী আৰক্ষী চকীৰ অন্তৰ্গত কমল সিং থুৰিবাৰীত মঙলবাৰে হাগ্ৰামাৰ মহিলাৰী বি পি এফ দলৰ কৰ্মীৰ বিৰুদ্ধে ইউ পি পি এল দলৰ সমৰ্থকক আক্ৰমণ কৰাৰ লগতে ইউ পি পি এল দলৰ এগৰাকী মহিলা সমৰ্থকৰ শ্লীলতা হানিৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে, সোমবাৰে নিশা থুৰিবাৰী গাঁৱৰ বি পি এফ দলৰ কৰ্মী ক্ৰমে পূৰ্ণ ব্ৰহ্ম, প্ৰসেনজিত মুছাহাৰী, অলিভাৰ নাৰ্জাৰী, ৰহেশ্বৰ ব্ৰহ্ম আৰু আলংবাৰ ব্ৰহ্মই একেখন গাঁৱৰ ইউ পি পি এল দলৰ সমৰ্থক দেৰহাছাৎ বসুমতাৰী আৰু মৰমী বসুমতাৰীক ঘৰৰ পৰা মাতি আনি প্ৰহাৰ কৰাৰ লগতে মৰমী বসুমতাৰীক শ্লীলতা হানিৰ চেষ্টা চলাই দুয়োকে প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰ এক অভিযোগ উত্থাপিত হৈছে। ঘটনা সংঘটিত হোৱাৰ পাছত পাঁচজন অভিযুক্তৰ বিৰুদ্ধে ভাওৰাগুৰী আৰক্ষী চকীত নিৰ্যাতিত দেৰহাছাৎ বসুমতাৰী আৰু মৰমী বসুমতাৰীয়ে এখন এজাহাৰ দাখিল কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ নকৰাত ইউ পি পি এলৰ কচুগাঁওৰ প্ৰাৰ্থী উকিল মুছাহাৰীয়ে ক্ষোভ ব্যক্ত কৰি দোষীক ২৪ ঘন্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনায়। অন্যথা ইউ পি পি এল দলৰ কৰ্মী সমৰ্থকে ভাওৰাগুৰী আৰক্ষী চকী ঘেৰাও কৰিবলৈ বাধ্য হ’ব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে উকিল মুছাহাৰীয়ে।

বি পি এফ দলৰ প্ৰাৰ্থীৰ দ্বাৰা ইউ পি পি এল দলৰ সমৰ্থকক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে বি টি চিৰ ছয় নং কচুগাঁও সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী উকিল মুছাহাৰীৰ উপস্থিতিত থুৰিবাৰীত এক প্ৰতিবাদী সভা অনুষ্ঠিত হয়। কচুগাঁও ব্লক কমিটিৰ কাৰ্যকৰী সভাপতি থমাছ নাৰ্জাৰী আৰু সাধাৰণ সম্পাদক এতোৱা কুমাৰ বড়োৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী সভাত বি পি এফ দলৰ দুষ্কৃতিকাৰীৰ অপকৰ্মৰ তীব্ৰ প্ৰতিবাদ জনোৱা হয়। হাগ্ৰামা মহিলাৰীৰ পৰাজয় নিশ্চিত বুলি জানি তেওঁৰ সমৰ্থক সকল এতিয়া এনেধৰণৰ গুণ্ডাগিৰিত নামি পৰিছে বুলিও মন্তব্য প্ৰকাশ কৰে ছয় নং কচুগাঁও সমষ্টিৰ ইউ পি পি এলৰ প্ৰাৰ্থী উকিল মুছাহাৰীয়ে।ইউ পি পি এল দলৰ কৰ্মী-সমৰ্থকে উক্ত ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী জনায়।