ফজলুৰ ৰহমান
সোণতলী

এজন যুৱকক কেন্দ্ৰ কৰি অনুষ্ঠিত হৈছে এখন বিশেষ গাঁও সভা৷ পঞ্চায়তৰ উন্নয়নত হেঙাৰ হৈ পৰা যুৱকজনৰ বিৰুদ্ধে অনুষ্ঠিত হৈছে বিশেষ গাঁও সভা। যুৱক জনৰ কিছুমান সমাজবিৰোধী কাৰ্যকলাপকলৈ অতিষ্ঠ হৈ দক্ষিণ কামৰূপৰ বকো সমষ্টিৰ ৪৮ নং ছমৰীয়া গাঁও পঞ্চায়তৰ ৰাইজে গ্ৰহণ কৰিছে ৰাজহুৱা প্ৰস্তাৱ৷

উল্লেখ্য যে ছমৰীয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত কাহিবাৰী গাঁৱৰ যতিন কৰ্মকাৰ নামৰ এজন যুৱকে দীৰ্ঘদিনধৰি ধৰি দুৰ্নীতিৰ কোনো তথ্য নোহোৱাকৈ হকে বিহকে বিভিন্ন উন্নয়নমূলক কাম কাজৰ গইনা লৈ কিছুমান নিৰপৰাধী ব্যক্তিৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰি আহিছে৷ প্ৰাপ্ত অভিযোগ মতে, পঞ্চায়তৰ কাম কাজৰ বাহিৰেও সমাজৰ দুখীয়া দৰিদ্ৰ লোকক বিভিন্ন ধৰণে অযথা হাৰাশাস্তি কৰি অহা কাৰ্যৰ বাবে এতিয়া বিশেষ চৰ্চিত হৈছে যতিন কৰ্মকাৰ নামৰ যুৱকজন৷ যুৱকজনৰ শেহতীয়া এক কৰ্মকাণ্ডকলৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ছমৰীয়া গাঁও পঞ্চায়তবাসীৰ মাজত। পঞ্চায়নখনৰ সচিবকে ধৰি কৰ্মচাৰী প্ৰমূখ্যে ভিজিলেঞ্চ কমিটীৰ নামত যুৱকজনে এক গোচৰ দিয়াক লৈ সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়া৷ মিছা গোচৰকলৈ মঙলবাৰে ছমৰীয়া গাঁও পঞ্চায়তৰ কাৰ্যালয়ত পঞ্চায়ত সভাপতি বুদ্ধেশ্বৰ মণ্ডলৰ পৌৰহিত্যত পঞ্চায়তখনৰ অন্তৰ্গত সকলো শ্ৰেনীৰ দল-সংগঠনৰ নেতৃবৃন্দ আৰু ছমৰীয়া সত্ৰকে ধৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয় ববীয়াৰ লগতে বিশিষ্ঠ ব্যক্তিসকলৰ উপস্থিতিত অনুষ্ঠিত হয় বিশেষ গাওঁ সভা। লক্ষণীয় বিষয়, ছমৰীয়া গাঁও পঞ্চায়তৰ যোৱা ২০১৬-১৭ বৰ্ষৰ কাৰ্যকালৰ এম জি এনৰেগ আচঁনিৰ অধীনত বিভাগীয় নীতি-নিৰ্দেশনা মতে  জবকাৰ্ডধাৰী শ্ৰমিকৰ জৰিয়তে ৰূপায়ন হোৱা ৰাস্তা নিৰ্মানৰ কাম এটাৰ ওপৰত যোৱা আগষ্ট মাহৰ ২৮ তাৰিখে যুৱক জনে ছমৰীয়া পহৰা চকীত দাখিল কৰিছিল এখন ভুৱা এজেহাৰ৷

যুৱক জনে দাখিল কৰা ভুৱা এজাহাৰ ফলত ক্ষোভিত হৈ পঞ্চায়তবাসীয়ে অনুষ্ঠিত কৰা বিশেষ গাঁও সভাৰ জৰিয়তে উন্নয়ন মুলত কামত হেঙাৰ হিচাপে থিয় হৈ অহা তথা থনাত মিছা গোচৰ দি ইয়াৰ একাংশ লোকক অযথা হাৰাশাস্তিৰ চেষ্টা চলাই অহা যতীন কৰ্মকাৰ নামৰ যুৱক জনৰ বিৰুদ্ধে থানাত গোচৰ দিয়াৰ সিদ্বান্ত গ্ৰহন কৰাকে ধৰি  তেওঁৰ উন্নয়ন বিৰোধী চৰিত্ৰক চিহ্নিত কৰি জিলা উপায়ুক্ত, ছমৰীয়া ৰাজহ চক্ৰ বিষয়া, বকো থানাৰ আৰক্ষী বিষয়া আৰু বিভাগীয় কতৃপক্ষক অভিযোগ পত্ৰ প্ৰদান কৰাৰ প্ৰস্তাৱ গ্ৰহন কৰে৷