আমিনুৰ ৰহমানৰ সৈতে খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১৫ ছেপ্টেম্বৰ

শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী। শিৱসাগৰ জিলা প্ৰশাসনক ২৪ ঘণ্টাৰ সময় বান্ধি দিলে মটক যুৱ ছাত্ৰ সন্মিলনীয়ে। দাবী পুনৰ নহ’লে শিৱসাগৰ জিলা বন্ধৰ হুংকাৰ।

শিৱসাগৰত গীত কামৰূপাক গ্ৰেপ্তাৰৰ দাবীত মটক যুৱ ছাত্ৰ সন্মিলনীয়ে মঙলবাৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সমুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মটক যুৱ ছাত্ৰ সন্মিলনীয়ে আগন্তুক ২৪ ঘণ্টাৰ ভিতৰত গীত কামৰূপাক শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰিলে শিৱসাগৰ জিলা বন্ধৰ হুংকাৰ দিয়ে। বিগত মাহত অসম মহিলা শক্তি সংবৰ্ধন ক্ষেত্ৰ নামৰ এক সংগঠনৰ নেত্ৰী গীত কামৰূপাই শিৱসাগৰৰ নাৰী সমাজ সন্দৰ্ভত অশ্লীল মন্তব্য প্ৰদান কৰাৰ লগতে শিৱসাগৰৰ দল-সংগঠন সমূহৰ ক্ষেত্ৰতো অপমান সূচক মন্তব্য কৰিছিল। গীত কামৰূপাই শিৱসাগৰ জিলাৰ মহিলা আৰু দল-সংগঠনকলৈ কৰা বিতৰ্কিত মন্তব্যৰ পিছতে সমগ্ৰ জিলাখনতে ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল। পৰৱৰ্তী সময়ত শিৱসাগৰ সদৰ থানাত গীত কামৰূপা নামৰ মহিলা গৰাকীৰ বিৰুদ্ধে কেইবাটাও এজাহাৰ দাখিল কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত সচেতন ৰাইজ আৰু দল-সংগঠন সমূহে পথ অৱৰোধ, ধৰ্ণা কাৰ্যসূচী ৰুপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰ্তমানেও জিলাখনত গীত কামৰূপা নামৰ মহিলা গৰাকীৰ গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ অব্যাহত আছে যদিও আজিকোপতি গীত কামৰূপাৰ বিৰুদ্ধে শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষীয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। কিছুদিন পূৰ্বে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই শিৱসাগৰৰ মহিলা সন্দৰ্ভত অশ্লীল মন্তব্য কৰা গীত কামৰূপা নামৰ মহিলা গৰাকী তিনি দিনৰ ভিতৰত শিৱসাগৰ আৰক্ষীৰ ওচৰত হাজিৰ নহ’লে মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰাৰ হুংকাৰ দিছিল যদিও আৰক্ষী অধীক্ষক গৰাকীৰ হুংকাৰ ওকলি যোৱা বহু দিন হ’ল যদিও আজিলৈকে গ্ৰেপ্তাৰ নহ’ল গীত কামৰূপা।

যোৱা শুকুৰবাৰে শিৱসাগৰ জিলাৰ যৌথ সংগ্ৰামী মঞ্চ নামৰ সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি গীত কামৰূপাৰ গ্ৰেপ্তাৰৰ দাবী জনাই অভিযোগ উত্থাপন কৰিছিল যে শিৱসাগৰ জিলা প্ৰশাসন আৰু আৰক্ষী গীত কামৰূপা নামৰ মহিলা গৰাকীক ৰক্ষণাবেক্ষণ প্ৰদান কৰাত উঠি-পৰি লাগিছে। গীত কামৰূপাক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাৰ মূলতে ৰাজনীতিকাৰণ থকাৰো অভিযোগ উত্থাপন কৰিছিল সংগঠনটোৰ প্ৰতিবাদকাৰী সকলে।