গুৱাহাটী

২৩ ফেব্ৰুৱাৰী

ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে মঙলাবাৰে তৃতীয়দিনাও সমগ্ৰ অসমব্যাপী প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্রেছৰ জেষ্ঠ নেতৃত্বৰ লগতে কংগ্ৰেছ কর্মী সকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গেছ চিলিণ্ডাৰ দাঙি ৰাজপথ উত্তাল কৰি তোলে কংগ্ৰেছ নেতা-কৰ্মীয়ে।

ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে গহপুৰত ৰূপায়িত প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰা আৰু কেম্পেইন কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নেতৃত্ব প্ৰদান কৰে। বৰপেটা জিলাৰ হাউলীৰ প্ৰতিবাদী কাৰ্যসূচীত ইস্তাহাৰ কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ গৌৰৱ গগৈ, প্ৰচাৰ কমিটিৰ অধ্যক্ষ তথা বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইন, মিডিয়া সমন্বয়ৰক্ষী কমিটিৰ অধ্যক্ষ তথা লোকসভাৰ সাংসদ আব্দুল খালেকে নেতৃত্ব প্ৰদান কৰে।প্ৰতিবাদী কাৰ্যসূচীত গেছ চিলিণ্ডাৰ দাঙি কংগ্ৰেছ দলৰ নেতা কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কংগ্রেছ বিধায়নী দলৰ দলপতি দেৱব্ৰত শইকীয়াই শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী পেট্ৰ’ল পাম্পৰ সন্মুখত ৰূপায়িত কৰা প্ৰতিবাদী কাৰ্যসূচীত নেতৃত্ব প্ৰদান কৰে। প্ৰতিবাদস্থলীত প্ৰতিবাদী জনতাই শাসনাধীষ্ঠ চৰকাৰখনৰ বিৰুদ্ধে ক্ষোভ উজাৰি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।

আনহাতে কাছাৰৰ কালাইন বজাৰ পেট্ৰ’ল পাম্পৰ সন্মুখত নিখিল ভাৰত মহিলা কংগ্রেছ কমিটিৰ অধ্যক্ষা সুস্মিতা দেৱৰ নেতৃত্বত ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা হয়। ইন্ধনৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসমৰ প্ৰতিখন জিলাতে ৰূপায়িত হোৱা এই অবিৰত প্ৰতিবাদী কাৰ্যসূচীৰ একত্ৰিত বলিষ্ঠ কণ্ঠই আগন্তুক নিৰ্বাচনত এক যোগ্য প্ৰত্যুত্তৰ দিব বুলি সদৰি কৰে প্ৰদেশ কংগ্ৰেছে। অসমবাসী এইবাৰ জনবিৰোধী বিজেপি চৰকাৰৰ পৰা মুক্তি পাব বুলিও সদৰি কৰিছে প্ৰদেশ কংগ্ৰেছে।