দক্ষিণ শালমাৰা

২৩ ফেব্ৰুৱাৰী

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰস্থিত হাটশিঙিমাৰী মহাবিদ্যালয়ত মঙলাবাৰে জিলা নতুন পেঞ্চন আঁচনি (এন পি এছ) কৰ্মচাৰী সন্থাই কৰ্ম বিৰতি পালন। নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ ঘূৰাই অনাৰ দাবী তুলি কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ন কৰে নতুন পেঞ্চন আঁচনি কৰ্মচাৰী সন্থাই।

সদৌ অসম নতুন পেঞ্চন আঁচনি কৰ্মচাৰী সন্থা চমুকৈ এ এ এন পি এছ কৰ্মচাৰী সন্থাৰ আহ্বানত মঙলাবাৰে পুৱাৰ পৰাই দক্ষিণ শালমাৰা মানকাচৰ জিলা এ এ এন পি এছ কৰ্মচাৰী সন্থাৰ কৰ্মচাৰী সকলে কৰ্ম বিৰতি কাৰ্য্যসূচী ৰূপায়ন কৰাৰ লগতে হাটশিঙিমাৰী মহাবিদ্যালয় চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। জিলা এ এ এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি তথা হাটশিঙিমাৰী মহাবিদ্যালয়ৰ উপাধক্ষ জহিৰুল ইছলাম আৰু জিলা সমিতিৰ সাধাৰণ সম্পাদক তথা মহাবিদ্যালয়ৰ প্ৰবক্তা ড০ মনিৰুজ জামান শেখৰ নেতৃত্বত শতাধিক কৰ্মচাৰীয়ে উত্তাল প্ৰতিবাদ সাবস্থ্য কৰে। ‘নতুন পেঞ্চন আঁচনি বাতিল কৰক, কৰ্মচাৰী সকলৰ বাবে পুৰণি পেঞ্চন পুনৰ ঘূৰাই আনক, আমাক ন্যায় প্ৰদান কৰক ইত্যাদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কৰ্মচাৰী সকলে।

উল্লেখ্য যে ২০০৫ চনৰ পৰা অসম চৰকাৰে যিসকল কৰ্মচাৰী নিযুক্তি দিছে তেওঁলোকৰ ক্ষেত্ৰত পুৰণি পেঞ্চন আঁচনি বাতিল কৰি নতুন পেঞ্চন আঁচনিৰ আধাৰত নিযুক্তি দিয়া হৈছে। যাৰ ফলত কৰ্মচাৰী সকলে অৱসৰ লোৱাৰ পাছত তেওঁলোকৰ পেঞ্চনৰ পৰিমাণ অতিকৈ কম হোৱাত কৰ্মচাৰী সকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে। যাৰ বাবে এই নতুন পেঞ্চন আঁচনি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি পুনৰ ঘূৰাই অনাৰ দাবী উত্থাপন কৰিছে এ এ এন পি এছ কৰ্মচাৰী সন্থাই।