গুৱাহাটী, সংবাদ ৩৬৫, ১৩ ফেব্ৰুৱাৰী: অসমৰ প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় বেডমিণ্টন খেলুৱৈ মাধুৰ্য্য বৰুৱাক বৃহস্পতিবাৰে গুৱাহাটীত সম্বৰ্ধনা জনাই অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েছনে। ৰাজস্থান বেডমিণ্টন সন্থাৰ মুখ্য উপদেষ্টা তথা যোধপুৰ বেডমিণ্টনৰ ছিনিয়ৰ উপ-সভাপতিৰ দায়িত্বত থকা মাধুৰ্য্য বৰুৱা অসম ক্ৰীড়া প্ৰাধিকৰনৰ সদস্য হিচাপে মনোনিত কৰে ৰাজ্য চৰকাৰে।

প্ৰাক্তন অল ইংলেণ্ড বেডমিণ্টন, থাইলেণ্ড অপেন, মালয়েছিয়া অপেন, ইন্ডোনেছিয়া অপেনৰ খেলুৱৈ শ্বাটলাৰ মাধুৰ্য্য বৰুৱাই গৰাকীয়ে গুৱাহাটীত এক মত-বিনিময় আনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় ছাৱ-জুনিয়ৰ, জুনিয়ৰ আৰু ছিনিয়ৰ চেম্পিয়নৰ অভিজ্ঞতা ৰোমন্থনৰ লগতে ৰাজস্থানৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰে। বিধায়ক ডঃ নোমল মমিনে মাধুৰ্য্য বৰুৱাক ৰাজস্থানৰ উপৰি অসম বেডমিণ্টনৰ দায়িত্বও প্ৰদান কৰিবলৈ মত-বিনিময় অনুষ্ঠানৰ জৰিয়তে অসম বেডমিণ্টনৰ মুৰব্বী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়।

হোটেল গেটৱে গ্ৰেন্ডৰত অনুষ্ঠিত হোৱা গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানতটোত জ্যোষ্ঠ সাংবাদিক তথা ইলেক্ট্ৰনিক ক্ৰীড়া সাংবাদিকৰ উপদেষ্টা প্ৰনয় বৰদলৈ, অসম অলিম্পিকৰ উপ-সভাপতিদ্বয় বিধায়ক ডঃ নোমল মমিন, বিষ্ণুৰাম নুনিছা, সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, উপ-সভাপতি কিশোৰ তালুকদাৰ উপস্থিত থাকে।