অভয়াপুৰী, সংবাদ ৩৬৫, ২৭ আগষ্ট: কৃষকৰ সপোনৰ পথাৰ খনিত হাজাৰ হাজাৰ বিঘা ধাননি পথাৰত সোণালী শইচৰ ফচলৰ পৰিবৰ্তে শুৰ পোকৰ উপদ্ৰৱ। বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ বিজনী আৰু সৃজনাগ্ৰাম ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ মণিকপুৰ, কীৰ্তনপাৰা অঞ্চলৰ হাজাৰ হাজাৰ বিঘা ধাননি পথাৰত শুৰ পোকে তহিলং কৰি কৃষক ৰাইজৰ একমাত্ৰ সম্বল খেতিডৰা নষ্ট কৰি ঘোৰ অমানিশা নমাই আনিছে হাজাৰ হাজাৰ কৃষকৰ পৰিয়াললৈ। শুৰ পোকৰ এই উপদ্ৰৱৰ উপৰিও ভূতৰ ওপৰত দানহ পৰা দি খৰাং বতৰত শালি ধানৰ পথাৰত ছিৰাল ফাট মেলিছে। নিয়তিৰ এনে সমস্যাত মূৰে কপালে হাত দিছে দুখীয়া কৃষক সকলে। তথাপিও কৃষক সকলৰ এনে এক গভীৰ সমস্যাত বঙাইগাঁও জিলা কৃষি বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত। আজিলৈকে কোনো এজন কৃষি বিষয়া আহি এইসকল দুৰ্ভগীয়া কৃষকৰ খবৰ লবলৈ আহৰি নাই। অনতিপলমে কৃষি ক্ষতিগ্ৰস্ত অঞ্চল সমূহ পৰিদৰ্শন কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰা দাবী জনাইছে কৃষক সকলে।