শোনিতপুৰ, সংবাদ ৩৬৫, ২৭ আগষ্ট: শোণিতপুৰ স্বাস্থ্য বিভাগত বিশেষভাৱে শাৰীৰিক অক্ষম লোকসকলৰ ওপৰত মানসিক নিৰ্যাতন চলিছে বুলি অভিযোগ উত্থাপন কৰে উত্তৰ অসমৰ দিব্যাংগ সন্থাৰ সাধাৰণ সম্পাদক উৎপল ভূঞাই। শোণিতপুৰ জিলা অক্ষমতা পুনঃ স্বাস্থ্য কেন্দ্ৰতেই দিব্যাং সকলৰ স্বাস্থ্য পৰীক্ষা কৰি বিভাগীয় নিয়ম অনুসৰি প্ৰমাণ পত্ৰ দিয়ে। কিন্তু এই স্বাস্থ্য কেন্দ্ৰত এজনো অস্থি ৰোগ বিশেষজ্ঞ আৰু ভেষজ ৰোগ বিশেষজ্ঞ নাই। যাৰ ফলত বহু দূৰ দূৰণিৰ পৰা অহা দিব্যাং সকলে সাত আঠ বাৰকৈ আহিও লগ পোৱা নাই এজনো চিকিৎসকক। দিব্যাং সন্থা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ কৃষ্ণা কেম্পাই সোমবাৰে কয় যে তেজপুৰত বৰ্তমান অস্থি ৰোগৰ বিশেষজ্ঞ নাই যাৰ কাৰণে তেজপুৰ মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰিছে। গতিকে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ সহায় বিচাৰিছে নতুন চিকিৎসকৰ নিযুক্তিৰ বাবে। নতুন চিকিৎসকৰ নিযুক্তিৰ ফলতহে এই অভাৱ পূৰণ হব বুলি কয়।