বঙাইগাঁও, সংবাদ ৩৬৫, ২৭ আগষ্ট: বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিৰ কীৰ্তন পাৰা বজাৰৰ ৰাজপথত ছফিকুল ইছলাম নামৰ এজন দুধৰ্ষ ডকাইতে হাজেৰ আলি নামৰ যুৱক জনক পিছফালৰ পৰা গুলিয়াই পলায়ন কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। কিন্তু সৌভাগ্যক্ৰমে হাজেৰ আলিৰ প্ৰাণ ৰক্ষা পায় যদিও চিঞৰ বাখৰ কৰাত ঘটনাটো বনজুইৰ দৰে বিয়পি পৰে। পাছত দুধৰ্ষ ডকাইতজনক ধৰাৰ উদ্দেশ্যে ভিডিপি আৰু স্থানীয় ৰাইজে গাপ পাতি থাকি নিশা ১ মান বজাত ছফিকুল আৰু আছুৰ উদ্দীন নামৰ দুই দুধৰ্ষ ডকাইতে চাইকেলেৰে আহি থকা অৱস্থাত ছফিকুলক ভিডিপি আৰু স্থানীয় ৰাইজে আটক কৰে যদিও দুধৰ্ষ ডকাইত আছুৰ উদ্দীন পলাই যায়। উল্লেখ্য যে ছফিকুল আৰু আছুৰ উদ্দিন ইতিপূৰ্বে গাড়ী চুৰি চক্ৰৰ লগত জড়িত হৈ বহু বাৰ জেললৈ গৈছে। এই দুধৰ্ষ ডকাইত দুজন উগ্ৰপন্থী সংগঠনৰ লগত জড়িত থকাৰ সন্দেহ কৰিছে ৰাইজে। ঘটনা সংক্ৰান্তে বৰঘোলা আৰক্ষী চকীত ৰাইজে অৱগত কৰিছে যদিও বৰ্তমান সময়লৈ ঘটনাস্থলীত উপস্থিত হোৱা নাই।