বঙাইগাঁও, সংবাদ ৩৬৫, ৫ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ মাণিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫ নং বাশবাৰী গাঁওখনৰ মাজেদি বৈ যোৱা মানাহ নৈৰ গৰাখহনীয়াৰ কবলত বিলীন হ’ব ধৰিছে আন এখন গাঁও। জিলা প্ৰশাসনৰ লগতে জনপ্ৰতিনিধিক কাকুতি মিনতি কৰি কোনো সহাৰি নাপাই যোৱা কেইদিনৰ পৰা স্হানীয় ৰাইজে দান বৰঙণিৰ লগতে বাহ সংগ্ৰহ কৰি নিজ শ্ৰমদানেৰে মানাহ নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বাহৰ পাৰ্কিউপাইন নিৰ্মান কৰি আছে। নিৰ্বাচনৰ সময়ত নেতা পালিনেতাই হাজাৰটা প্ৰতিশ্ৰুতি দিয়া প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি হৈয়ে থাকে। নিৰ্বাচনৰ পাছত কামত ফুটুকাৰ ফেন। নিৰ্বাচনৰ সময়ত সাধাৰণ জনতাৰ মূল্যবান ভোট আদায় কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ পাছত সাধাৰণ জনতাৰ সমস্যাৰ কথা মনত নাৰাখে বিধায়ক, সাংসদ, মন্ত্ৰীসকলে। ৰাস্তা ঘাট দলং আদিৰ সমস্যাৰ লগতে প্ৰতিবছৰে নৈৰ গৰাখহনীয়াই সৰ্বশ্ৰান্ত কৰা ৰাইজৰ দুৰ্দশাৰ প্ৰতি গুৰুত্ব নাই জনপ্ৰতিনিধিৰ। গতিকে উত্তৰ অভয়াপুৰী সমষ্টিবাসী ৰাইজে নিজে নিজৰ কাম কৰিব আগবাঢ়ি আহিছে।