বৰপেটা, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সত্ৰকনৰা ১২ নং ছিটৰ অৰ্থাৎ বাঘবৰ গাঁৱৰ আশ্ৰৱ আলি(২০) নামৰ যুৱকজনে বুধবাৰে নিশা এলেঙী বিলৰ মাজেৰে অকলশৰে নাও লৈ কেইবাজন যুৱকক আগবঢ়াই আনিবলৈ বুলি গৈ আছিল। কিন্তু বাঘবৰৰ ওচৰ চুবুৰীয়া ৰাইজে আদবাততে হঠাৎ এটা কান্দোনৰ শব্দ শুনিবলৈ পায় আৰু লগে লগে চুবুৰীয়া ৰাইজে কেইবাখনো নাও লৈ যুৱকজনৰ শব্দ ওলোৱা ঘটনাস্থলী পিনে আহে। কিন্তু ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ নাওখনত যুৱক জনক প্ৰত্যক্ষ নকৰে। আৰু নিমিষতে হুৱা দুৱা লাগে ৰাইজৰ মাজত। ফোন যোগেও যুৱকজনৰ লগত যোগাযোগৰ চেষ্টা চলায় যদিও নাওখনত মোবাইল ৰিং হোৱা দেখা পায়। ফলত চিন্তিত হৈ পৰে ৰাইজ। অৱশেষত পানীত নামি বিচাৰ খোচাৰ কৰাত বহু সময় পিছত পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যুৱকজনক। আলীৰ এই অকাল মৃত্যুত সমগ্র বাঘবৰ এলেকাতে শোকৰ ছাঁ পেলাইছে ।