নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ মাৰ্চ: উত্তৰ পূব ভাৰতৰ মণিপুৰত ধৰা পৰিল প্ৰথটো কৰ’ণা আক্রান্ত। মণিপুৰৰ এগৰাকী যুৱতীৰ শৰীৰত পোৱা গৈছে কৰ’ণা ভাইৰাছ। ১৯ মাৰ্চত মণিপুৰৰ যুৱতী গৰাকী ইংলেণ্ডৰ পৰা কলিকতাৰ হৈ মণিপুৰলৈ আহিছিল।

মণিপুৰৰ ২৩ বছৰীয়া যুৱতী গৰাকীৰ দেহত প্ৰথম টেষ্টতে পোৱা গৈছে কভিড-১৯ কৰ’ণা ভাইৰাছ। মঙলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফল জে এন আই এম হাস্পতালৰ পৰীক্ষাগাৰত হোৱা স্বাস্থ্য পৰীক্ষাৰ প্ৰথম পৰ্যায়ৰ টেষ্টতে ২৩ বছৰীয়া যুৱতী গৰাকীৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে। প্ৰথম পৰ্যায়ত যুৱতীগৰাকীৰ শৰীৰত কভিড-১৯ৰ উপস্থিতি ধৰা পৰাৰ পিছতে দ্বিতীয় পৰ্যায়ৰ টেষ্টৰ বাবে যুৱতী গৰাকীৰ নমুনা মহাৰাষ্ট্ৰৰ পুনলৈ প্ৰেৰণ কৰা হৈছে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বৰ লগতে ভাৰত এতিয়া মাৰাত্মক কৰ’ণা ভাইৰাছৰ গ্ৰাসত। ভাৰতত প্ৰতিদিনে কৰ’ণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ইমানদিনে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত কৰ’ণা ভাইৰাছৰ তাণ্ডৱ পৰিলক্ষিত হোৱা নাছিল যদিও মণিপুৰৰ যুৱতীৰ শৰীৰত কৰ’ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল চিন্তিত হৈ পৰিছে।