গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী: গুৱাহাটীত বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধি, শিক্ষাবিদ, অৰ্থনীতিবিদ আৰু নীতি নিৰ্ধাৰণকাৰীসকলৰ সৈতে মত-বিনিময় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। উত্তৰ-পূৱৰ দুৰ্গম এলেকাবোৰক এতিয়াৰে পৰা দিয়া হ’ব ঋণৰ ব্যাপক সুবিধা। চাহ বাগান অধ্যুষিত জিলাবোৰত বেংকিং সেৱাৰ উপলব্ধতা বৃদ্ধি কৰা হ’ব ঘোষণা কেন্দ্ৰীয় বৃত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ।

উত্তৰ-পূৱৰ দুৰ্গম এলেকাবোৰক এতিয়াৰে পৰা ব্যাপকভাৱে ঋণৰ সুবিধা প্ৰদান কৰা হ’ব, লগতে পৰ্যাপ্ত পৰিমাণৰ এটিএম আৰু বেংকৰ শাখাও প্ৰদান কৰা হ’ব। বৃহস্পতিবাৰে গুৱাহাটীত বাণিজ্য আৰু উদ্যোগ ক্ষেত্ৰৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা মত বিনিময় অনুষ্ঠানত এই কথা উল্লেখ কৰে দেশৰ বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে। শেহতীয়া বাজেট সন্দৰ্ভত উল্লেখ কৰি বিত্তমন্ত্ৰী সীতাৰমণে কয় যে বাজেট কেৱল সংসদৰ মঁজিয়াতে সীমাবদ্ধ হোৱা উচিত নহয়। বাজেটে সদায় সাধাৰণ লোক আৰু উদ্যোগৰ প্ৰতিনিধিসকলৰ আশা-আকাঙ্খা পূৰণ কৰিব পাৰিব লাগে। এই উদ্দেশ্যে কেন্দ্ৰীয় বাজেট দাখিলৰ পিছতেই বিভিন্ন ৰাজ্যত বিত্তীয় চামিলকৰণৰ এলানি আউটৰিচ্চ অনুষ্ঠান আয়োজন কৰা হৈছে। চৰকাৰ এনে এখন ভাৰতবৰ্ষ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ য’ত আমি আমাৰ উদ্যোগীসকলক আস্থাত ল’ব পাৰো। কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰত্যক্ষ কৰ ব্যৱস্থাৰ সৰলীকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, লগতে ৰেহাই ব্যৱস্থা আঁতৰ কৰা, আয়কৰৰ হাৰ হ্ৰাস কৰা আৰু কৰ আইনৰ সুৰুঙাৰে অপৰাধ ৰোধৰ দৰে ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। ইফালে জিএছটি সন্দৰ্ভত বিত্তমন্ত্ৰী সীতাৰমণে নিশ্চিতি প্ৰদানেৰে কয় যে চিজিএছটি আৰু আইজিএছটিৰ ঘূৰাই দিয়াত পলম হোৱাৰ দৰে দিশবোৰ শীঘ্ৰেই নিষ্পত্তি কৰা হ’ব।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী সীতাৰমণে লগতে কয় যে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰখন পূৰ্বৰ আয়কৰ পৰিকাঠামোৰ মাজেৰেই আগবাঢ়িছে আৰু এই পৰিক্ৰমাৰ মাজতেই প্ৰায় ৭০ টাকৈ ৰেহাইৰ দফা আঁতৰ কৰিছে। চৰকাৰে সমগ্ৰ কৰ ব্যৱস্থাটোকেই সৰলীকৰণ কৰিবলৈ বিচাৰিছে। ইয়াৰ অংশ হিচাপে আমি এম এ টি আৰু সমাংশ বিতৰণ কৰ ব্যৱস্থা আঁতৰ কৰিছো। তেওঁ আৰু কয়, চৰকাৰ ধাৰাবাহিকভাৱে কম নিম্নমুখী ব্যৱস্থাৰ দিশে অগ্ৰসৰ হৈছে আৰু কৰ সংক্ৰান্তীয় সকলোধৰণৰ গোচৰ নিস্পত্তি কৰাৰ ক্ষেত্ৰত সহায় কৰি আহিছে।

উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে হোৱা বাৰ্তালাপত বিত্তমন্ত্ৰীয়ে কয় যে উত্তৰ-পূৱৰ পৰম্পৰাগত উদ্যোগসমূহৰ দ্বাৰা উৎপাদিত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সুবিধা থকা উচিত আৰু এই অঞ্চলটো ইয়াৰ দ্বাৰা লাভান্বিত হ’ব লাগে। এই সুবিধা আহৰণৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ আত্মসহায়ক গোটবোৰক অৰ্থনৈতিকভাৱে সবল হ’ব বাবে ঋণৰ সুবিধা উপলব্ধ কৰোৱা হ’ব।

বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত অপৰাধমূলক দিশবোৰ আঁতৰ কৰাৰ বাবে কাম কৰি আছে। বিবাদ ছে বিশ্বাস আঁচনি সন্দৰ্ভত তেওঁ কয় যে যদিহে কোনো নিস্পত্তি সম্ভৱ হৈছে তেন্তে তাৰ বাবে কোনো আইনগত ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা নাথাকে। বিভিন্ন ব্যৱসায়ী তথা উদ্যোগণ্ডৰ প্ৰতিনিধিৰ প্ৰশ্নৰ উত্তৰ দি বিত্তমন্ত্ৰীয়ে কয় যে ১ মাৰ্চৰ পৰা ১৫ মাৰ্চলৈ প্ৰতিদিনে ২ ঘণ্টাৰ বাবে কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমাশুল্ক ব’ৰ্ডৰ জিলা কাৰ্যালয়বোৰ সৰ্বসাধাৰণ ৰাইজৰ বাবে খোলা থাকিব আৰু কৰ্মচাৰীসকলো কাৰ্যালয়ত উপস্থিত থাকিব। আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত মন্তব্য কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে কয় যে আৰু অধিক সংখ্যক শীতল ভাণ্ডাৰ বা কোল্ড ষ্টোৰেজ স্থাপনৰ বাবে চৰকাৰে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। তেওঁ লগতে কয় যে অসমৰ শিৱসাগৰক দেশৰ পাচটা প্ৰত্নতাত্ত্বিক ক্ষেত্ৰৰ ভিতৰত অন্যতম হিচাপে চিনাক্ত কৰা হৈছে।

আন এক বৈঠকত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতিবিদ আৰু নীতি নিৰ্ধাৰণকাৰী বিশেষজ্ঞসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে। এই বৈঠক সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ৬০ খনকৈ নতুন আঁচনিৰে এইবাৰৰ বাজেটে দেশৰ কৃষক সমাজলৈ অনবদ্য সুখবৰ কঢ়িয়াই আনিছে। ২০২০ চনৰ ভিতৰত দেশৰ কৃষকসকলৰ আয় দুগুণ কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰীৰ সপোন পূৰণ কৰিবৰ বাবে এই বাজেটে যথেষ্ট দিশ মুকলি কৰিছে। চৰকাৰৰ জল বিকাশ মাৰ্গ আঁচনিয়ে কেৱল অসমৰ অৰ্থনীতিকে সমৃদ্ধ নকৰিব, বৰঞ্চ সমগ্ৰ দেশৰে অৰ্থনীতিক সমৃদ্ধ কৰিব। তেওঁ লগতে ব্যৱসায় কৰাৰ সুচলতাৰ দিশৰ উত্তৰণ ঘটোৱা আৰু কৰ্প’ৰেট কৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে।

ইফালে সূক্ষ্ম, ক্ষুদ্ৰ আৰু মঁজলীয়া উদ্যোগ (এমএছএমই) সন্দৰ্ভত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ এই এমএছএমইবোৰক সহায় কৰিবৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। লগতে এমএছএমইবোৰে ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ ওচৰলৈ যোৱাৰ পৰ্যাপ্ত সুবিধা সন্দৰ্ভতো বিত্তমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকক এই প্ৰক্ৰিয়াসমূহ পুনৰ সংৰচনা কৰাৰ বাবে অনুৰোধ কৰে। সীতাৰমণে লগতে কয় যে ইয়াৰ বাবে সময়সীমা ২০২০ চনৰ ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে। মত-বিনিময় অনুষ্ঠানত বিত্ত বিভাগৰ সচিব ৰাজীৱ কুমাৰ, ৰাজহ বিভাগৰ সচিব ড. অজয় ভূষণ পাণ্ডে, অৰ্থনৈতিক পৰিক্ৰমা দপ্তৰৰ কেন্দ্ৰীয় সচিব অতনু চক্ৰৱৰ্তী, কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ পৰিষদৰ অধ্যক্ষ পি চি মোদী, কেন্দ্ৰীয় পৰোক্ষ কৰ আৰু সীমাশুল্ক পৰিষদৰ অধ্যক্ষ এম অজিত সিং, চেণ্ট্ৰেল ব’ৰ্ড অৱ ইনডাইৰেক্ট টেক্স এণ্ড কাষ্ট’মছৰ অধ্যক্ষ অজিত কুমাৰ আৰু অসম চৰকাৰৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণও উপস্থিত থাকে।

ইফালে এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে চাহ বাগানবোৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপেৰে চাহবাগান অধ্যুষিত এলেকাবোৰত বেংকিং সেৱাৰ উপলব্ধতা বৃদ্ধি কৰা হ’ব। তেওঁ লগতে কয় যে অসমৰ ১৭খন জিলাত পৰ্যাপ্ত পৰিমাণৰ এটিএম যোগান ধৰাৰ বাবে বেংকাৰসকলক নিৰ্দেশ দিয়া হৈছে যাতে অসম চৰকাৰৰ দ্বাৰা মানচিত্ৰিত এলেকাসমূহ অনুসৰি চাহ বাগান অধ্যুষিত জিলাসমূহত বেংকিং সেৱা সুচল হৈ পৰে।