জাগীৰোড, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ ১১ সংখ্যক সাধাৰণ অধিৱেশনৰ প্ৰস্তুতি প্ৰায় তুংগত উঠিছে । ২০১৯ বৰ্ষৰ ১, ২ আৰু ৩ ফেব্ৰুৱাৰীত উলুকুঞ্চিৰ উমচুৱাইত অনুষ্ঠিত হবলগীয়া তিৱা সাহিত্য সভাৰ ১১ সংখ্যক সাধাৰণ অধিৱেশনৰ বাবে ইতিমধ্যে ২৪ খন উপ সমিতিৰে শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে । উমচুৱাইৰ বালাখঙ ক্ষেত্ৰত অনুষ্ঠিত হবলগীয়া অধিৱেশনস্থলীত এটা কাৰ্যালয় মুকলি কৰে তিৱা সাহিত্য সভাই । উক্ত সভাত যি সমূহ প্ৰাথমিক বিদ্যালয়ত ৫০ শতাংশৰ অধিক তিৱা ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰি আছে, তেনে বিদ্যালয় সমূহত তিৱা ভাষাক এটা বিষয় হিচাপে বাধ্যতামূলক কৰিবলৈ দাবী জনায় কাৰ্বিআংলং স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য ডি. উফিং মাছলাইয়ে । সেয়ে উক্ত বিদ্যালয় সমূহত তিৱা ভাষা শিক্ষক নিযুক্তিৰো দাবী জনায় কাৰ্যবাহী সদস্য গৰাকীয়ে । ইফালে তিৱা ভাষা লিখাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি অহা ৰোমান লিপিৰ বৰ্ণমালাত কিছু সালসলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তিৱা সাহিত্য সভাই । তিৱা ভাষাবিদ তথা গৱেষক সকলৰ পৰামৰ্শৰ ভিত্তিত তিৱা সাহিত্য সভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।