শিৱসাগৰ, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: শনিবাৰে শিৱসাগৰৰ গৌৰীসাগৰৰ দিচিয়ালত দিখৌ নৈৰ মাথাউৰী উঠাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই হৰেন বৰা আৰু তেওঁৰ দুৰ্ভগীয়া পৰিয়াল(মাতৃ, পত্নী আৰু দুই কন্যা) আৰু ছুইফট ডিজায়াৰ গাড়ীসহ দিখৌ নৈত ডুব যোৱা শোকাৱহ দুৰ্ঘটনাটোত সন্ধানহীন হৈ থকা গাড়ীসহ দুৰ্ভগীয়া পৰিয়ালৰ আটাইকেইজন সদস্যকে উদ্ধাৰ কৰিবলৈ বিশেষ বিমানেৰে বিশাখাপট্টনমৰ পৰা আহি অসমত উপস্থিত হৈছে নৌ সেনাৰ ডুবাৰুৰ দল। নৌ সেনাৰ ডুবাৰুৰ দলটোয়ে যোৰহাটত অৱতাৰণ কৰি শিৱসাগৰলৈ গৈ ৪ বজাৰ পৰা সন্ধানহীন হোৱা দুৰ্ভগীয়া পৰিয়ালৰ ৫জনকৈ সদস্যৰ উদ্ধাৰ অভিযান প্ৰক্ৰিয়াৰ আৰম্ভ চলায়। ইতিমধ্যে দিখৌত ২৬ গৰাকী ডীপ ডাইভাৰ্ছে ১০ খন নাৱেৰে আৰু ১০০ জনীয়া দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। এই অভিযানত এছ ডি আৰ এফৰ ৬টা, এন ডি আৰ এফৰ ৩টা আৰু অৰ্ধ সামৰিক বাহিনী নিয়োগ কৰা হৈছে। এই শোকাৱহ সমগ্ৰ দুৰ্ঘটনাটো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে নিজে উদ্ধাৰ অভিযান নিৰীক্ষণ কৰি তদাৰক কৰিছে। শিৱসাগৰৰ এই শোকাৱহ দুৰ্ঘটনাটোক লৈ মুখ্যমন্ত্ৰী সোনোৱালে প্ৰধানমন্ত্ৰী মোডীৰ সৈতে বাৰ্তালাপ আৰু গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ সৈতেও আলোচনা কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন প্ৰাধিকাৰীক বিশেষ দল প্ৰেৰণৰ বাবে অনুৰোধ জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে। নৌ সেনাৰ মুখ্য কাৰ্যালয়, উচ্চ প্ৰযুক্তি আৰু বিশেষজ্ঞ প্ৰদান কৰাৰ বাবেও অনুৰোধ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।