তামাৰহাট, সংবাদ ৩৬৫, ৩ ছেপ্টেম্বৰ: ৰাজ্যত সঘনাই বৃদ্ধি পাবলৈ ধৰিছে হত্যা ধৰ্ষণ আদিৰ নিচিনা জঘন্য কাণ্ড। এইবাৰো এক জঘন্য কাণ্ড সংঘটিত হয় ধুবুৰী জিলাৰ তামাৰহাটৰ পাতানেৰকুটি গাঁৱত। এগৰাকী ষষ্ঠ শ্ৰেণীৰ ১৪ বছৰীয়া কিশোৰী কামনাৰ বলি হ’ল তিনি নৰপিশাচৰ। ঘটনাৰ বিবৰণী মতে নাবালিকাৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ নৰপিশাচ ৰূপী তিনি পাষণ্ডই নাবালীকা ছোৱালী জনীক মূখত সোপা দি জোৰপূৰ্বকভাৱে কান্ধত লৈ ঘৰৰ পিচ ফালে থকা বাঁহনিত লৈ দলবদ্ধ ভাৱে গোটেই নিশা ধৰ্ষন কৰে। পাছত ছোৱালী জনীয়ে চিঞৰ-বাখৰ কৰাৰ চেষ্টা কৰিছিল যদিও চোকা অস্ত্ৰৰ ভয় দেখুৱাই ওৰেটো নিশা ধৰ্ষণ কৰি কাষতে থকা মছজিদৰ ওচৰত পেলাই থৈ যায়। সোমবাৰে ৰাতিপুৱা স্হানীয় ব্যাক্তি এজনে নামাজ পঢ়িবলৈ যাওঁতে হাত ভৰি বন্ধা অচেতন অৱস্থাত উদ্ধাৰ কৰে নাবালিকা ছোৱালী জনীক। পিছত ছোৱালী জনীক ঘৰত নি সুস্থ কৰাত হাচেন আলী, ইমান আলী আৰু নুৰু ভূঞা নামৰ তিনি পাষণ্ডই তাইক অপকৰ্ম কৰাৰ কথা প্ৰকাশ কৰে । নাবালিকা নিৰ্যাতনৰ সমগ্ৰ ঘটনা পৰিয়ালৰ লোকে শুনাৰ পাছত তামাৰহাট থানাত এক গোচৰ ৰুজু কৰিছে । ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰাম্ভ কৰিছে যদিও কোনো অভিযুক্তক আটক কৰিবলৈ সক্ষম হোৱা নাই বৰ্তমানলৈ