হাটশিঙিমাৰী

৭ আগষ্ট

মোটা অংকৰ ধন উৎকোচ নিদিলে আচামী গ্ৰেপ্তাৰ নকৰে মানকাচৰ থানাৰ আৰক্ষী। আৰক্ষীৰ ওপৰত এনে গুৰুত্বৰ অভিযোগ তুলি দোষীক কৰায়ত্ত কৰাৰ দাবীত মানকাচৰৰ নামাৰ গাঁৱত ৰাইজৰ প্ৰতিবাদ। মানকাচৰ আৰক্ষী মূর্দাবাদ, আচামী মজনু মিঞা আৰু মধু মিঞাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

শুকুৰবাৰে পুৱা ১০ বজাত মানকাচৰ আৰক্ষী হায় হায়, আচামী মজনু মিঞা আৰু মধু মিঞাক গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে মহিলাসহ শতাধিক গঞা ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে যোৱা ১৮ জুনৰ নিশা মানকাচৰৰ বেপাৰীপাৰাত আচামী মজনু মিঞা আৰু মধু মিঞাসহ এটা দুৰ্বৃত্তৰ দলে পৰিকল্পিত ভাৱে মহুবৰ ৰহমান নামৰ এজন লোকৰ ঘৰত প্ৰবেশ কৰি চোকা অস্ত্ৰৰে মহুবৰ ৰহমানৰ পৰিয়ালৰ ওপৰত আক্ৰমণ চলাইছিল। দুৰ্বৃত্তৰ আক্ৰমণত মহুবৰ ৰহমানৰ পত্নী ছবুৰা খাতুন গুৰুত্বৰভাৱে আহত হৈছিল। উক্ত ঘটনা সংক্ৰান্তত ছবুৰা খাতুনৰ ভাতৃ জহিৰুল ইছলাম মানকাচৰ থানাত এখন গোচৰ ৰুজু কৰিছিল যদিও আচামী গ্ৰেপ্তাৰ কৰাৰ নামত মানকাচৰ থানাৰ আৰক্ষীয়ে ভুক্তভোগীৰ পৰা ৫০ হেজাৰ টকা উৎকোচ বিচাৰিছিল বুলি পৰিয়ালটোৰ লোকে অভিযোগ উত্থাপন কৰে। দৰিদ্ৰ ভুক্তভোগী পৰিয়ালটো টকা দিবলৈ মান্তি নোহোৱাত আজি দুমাহ অতিক্ৰম কৰাৰ পাছতো আচামীক গ্ৰেপ্তাৰ কৰা নাই মানকাচৰ থানাৰ আৰক্ষীয়ে। শেহতীয়াকৈ মানকাচৰ আৰক্ষীৰ ওপৰত আস্থা হেৰাই প্ৰতিবাদৰ মাজেৰে ন্যায় বিচাৰি দোষীক কৰায়ত্ত কৰাৰ দাবীত প্ৰতিবাদৰ পথ বাছি লয় ভুক্তভোগী পৰিয়ালটোৱে।

ঘটনাৰ উচিত তদন্ত বিচাৰি আৰু দোষী ব্যক্তিৰ শস্তিৰ দাবীত ভুক্তভোগী পৰিয়ালটোৰ লগত শতাধিক পুৰুষ-মহিলা ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মানকাচৰ আৰক্ষী মূর্দাবাদ, আচামী মজনু মিঞা আৰু মধু মিঞাক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে। উল্লেখ্য যে আক্ৰমণত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হোৱা ছবুৰা খাতুন সম্প্ৰতি সংকটময় অৱস্থাত চিকিৎসাধীন হৈ আছে।