ফজলুৰ ৰহমান 

সোণতলী

৭ আগষ্ট

সংখ্যালঘু ছাত্ৰবৃত্তিৰ নামত সংঘটিত কৰা কোটি টকীয়া কেলেংকাৰীৰ লগত জড়িত থকাৰ অভিযোগত দক্ষিণ কামৰূপৰ সোণতলীৰ চাৰি অপৰাধী আৰক্ষীৰ জালত। বৃহস্পতিবাৰে সোণতলী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি কৰা চাৰিজন লোকক৷

দক্ষিণ কামৰূপৰ সোণতলী, ৰঙাপানী, ডেকাচাং, কালাতলী, মালিবাৰী, বদলা আদি অঞ্চলবোৰত একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষক, দালাল চক্ৰ আৰু চি এছ পি’ৰ স্বত্তাধীকাৰীয়ে মিলি ছাত্ৰ-ছাত্ৰী জলপানীৰ ধন আত্মসাৎ কৰাৰ উপৰিও ভূৱা ছাত্ৰ-ছাত্ৰীৰ নাম অন্তভুক্ত কৰি চৰকাৰী ধন লুটি খোৱাৰো অভিযোগ দীৰ্ঘদিনৰ পৰা উত্থাপিত কৰি আহিছে একাংশ সচেতন ৰাইজে। সেয়তীয়াকৈ বৃদ্ধ মানুহৰ নাম অতি কৌশলেৰে ছাত্ৰবৃত্তিতৰ তালিকাত অন্তভুক্ত কৰি ধন আত্মসাৎ কৰা চক্ৰ এটাৰ বিৰুদ্ধে ৰঙাপানীৰ হজৰত আলী নামৰ এজন যুৱকে এজাহাৰ দাখিল কৰিছিল। সোণতলী আৰক্ষীয়ে যুৱক জনৰ এজাহাৰৰ ভিত্তিত ধন আত্মসাৎ কৰা চাৰিজনকৈ অপৰাধীক আটক কৰি বৃহস্পতিবাৰে নিশা বকো থানালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে, ছাত্ৰবৃত্তিৰ নামত কোটি টকা আত্মসাৎ কৰা চাৰি অপৰাধীৰ বিৰুদ্ধে ৩ নং দক্ষিণ ৰাঙাপানী গাঁৱৰ হজৰত আলীয়ে সোণতলী আৰক্ষী চকীত দাখিল কৰা এজাহাৰৰ ভিত্তীত সোণতলী আৰক্ষীয়ে আবুশ্বমা, আমিৰ হামজা, শুকুৰ আলী আৰু শ্বাইজুদ্দিনক আটক কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা এই চাৰি অপৰাধীক জামিনত মুকলি কৰি নিবলৈ কেবাটাও দালাল চক্ৰই একগোট হৈ কোচকাৱাজ চলাইছিল যদিও সেয়া সম্ভৱ নহ’ল৷ সোণতলী আৰক্ষীয়ে নিশাৰ ভিতৰতে চাৰিওজনকে বকো থানালৈ প্ৰেৰণ কৰে আৰু বৰ্তমান বকো আৰক্ষীয়ে চাৰিওজনকে মাৰাথন জেৰা চলাই থকা বুলি জানিব পৰা গৈছে।