গুৱাহাটী, সংবাদ ৩৬৫, ৮ আগষ্টঃ ৰাজ্যত সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা দুৰ্নীতিত লিপ্ত থকাৰ আৰাধত কেইবাগৰাকী উচ্চপদস্ত বিষয়া ৰঙা ঘৰৰ ভাত খাবলগীয়া হোৱাৰ পিছত এইবাৰ উত্‍‍কোচ লৈ গ্ৰেপ্তাৰ হ’ল পল্টন বজাৰ থানাৰ উপ-পৰিদৰ্শক বীৰেন কুমাৰ বৰা। জয়ন্ত দাস নামৰ এজন লোকৰ পৰা ২০ হাজাৰ টকা উত্‍‍কোচ লওঁতে দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে গ্ৰেপ্তাৰ কৰে আৰক্ষী বিষয়া বীৰেন কুমাৰ বৰা। উল্লেখ্য যে পল্টন বজাৰ থানাৰ এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে জয়ন্ত দাস নামৰ লোকজনক জামিন প্ৰদান কৰাৰ পিছত সেই জামিন থানাত গ্ৰহণ কৰাৰ বাবদ পল্টন বজাৰ থানৰ উপ-পৰিদৰ্শক বীৰেন কুমাৰ বৰাই জয়ন্ত দাসৰ পৰা ৪০ হাজাৰ টকা উৎকোচ বিচাৰিছিল। আৰক্ষী বিষয়া বীৰেন কুমাৰ বৰাই উৎকোচ বিচৰাত জয়ন্ত দাস দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ কাষ চাপিছিল আৰু জয়ন্ত দাসৰ গোচৰৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই আৰক্ষী বিষয়া বীৰেন কুমাৰ বৰাক হোটেল ভিক্ট’ৰিয়াত উত্‍‍কোচ লওঁতে গ্ৰেপ্তাৰ কৰে। আৰক্ষী বিষয়া বীৰেন কুমাৰ বৰাক উৎকোচৰ ধন লোৱাত সহায় কৰাৰ অভিযোগত হোটেল ভিক্ট’ৰিয়াৰ পৰিচালক যতীন্দ্ৰ নাথকো গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।