কলগাছিয়া, সংবাদ ৩৬৫, ১১ আগষ্ট: অনৈতিক কাৰ্য্যত লিপ্ত এহাল যুৱক যুৱতী। হাতে – লোটে ধৰি আৰক্ষীক গতাই দিয়ে ৰাইজে। বৰপেটা জিলাৰ কলগাছিয়াৰ ভাৰত গেছ এজেঞ্চিৰ সন্মুখত থকা এটা ছাত্ৰাবাসত শনিবাৰে দিনৰ ১২ বজাত অনৈতিক কাৰ্য্যত লিপ্ত থকা এহাল যুৱক-যুৱতীক হাতে-লোটে ধৰা পৰাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শাওৰাচৰা পথাৰ গাঁওৰ আব্দুৰ ৰেজ্জাক নামৰ যুৱক জনে তেওঁৰ ছাত্ৰাবাসত থকা বন্ধু আলী আকবৰ নামৰ যুৱকজনৰ ছাত্ৰাবাসলৈ যায় উক্ত গাঁৱৰে চাইনা পাৰবিন নামৰ যুৱতী গৰাকীৰ সৈতে। বন্ধু আলীৰ কোঠাত সোমায়েই আব্দুৰ ৰেজ্জাক-চাইনা পাৰবিনে কোঠাটোৰ দুৱাৰ বন্ধ কৰি দিয়ে আৰু বন্ধু আলীয়ে তেওঁৰ বন্ধু আকবৰৰ কথা মৰ্মে দৰ্জাৰ বাহিৰত বহি থাকে। উক্ত ঘটনাটো গেছ এজেঞ্চিৰ সন্মুখত থকা ৰাইজে প্ৰত্যক্ষ কৰি যুৱক-যুৱতীহালক হাতে-লোটে ধৰা পেলায়। পিছত আব্দুৰ ৰেজ্জাক আৰু অনৈতিক কাৰ্য্যত জড়িত থকা ছাত্ৰাবাসখনৰ সদস্য আলী আকবৰ নামৰ যুৱকজনক সোধপোছ কৰাত সকলো কথা পোহৰলৈ আহে। পিছত ৰাইজে অনৈতিক কাৰ্য্যত লিপ্ত থকা যুৱক-যুৱতীৰ লগতে উক্ত কাৰ্য্যত জড়িত থকা যুৱকজনকো আৰক্ষীক গতাই দিয়ে।