কলগাছিয়াৰ পৰা স্বফিকুল হাছান, সংবাদ ৩৬৫, ২ জুলাইঃ ৰাজ্যত দৈনিক সংঘটিত হৈ আহিছে মৰেল পুলিচৰ দপদপনি। বৰ্তমান সময়ত মৰেল পুলিচৰ দপদপনিয়ে তোলপাৰ লগাইছে সমগ্ৰ ৰাজ্য৷ যোৱা কিছুদিন পূৰ্বে মৰেল পুলিচৰ বাবে সংঘটিত হৈ যোৱা অভিজিত নাথ আৰু নিলোতপল দাসৰ ডকমকা কাণ্ডই সমগ্ৰ ৰাজ্যবাসীৰ মনত এক আলোড়নৰ সৃষ্টি কৰিছে৷ মৰেল পুলিচ সন্দৰ্ভত প্ৰশাসনে সজাগতা সম্বন্ধে চেষ্টা কৰিছে যদিও এই ক্ষেত্ৰত সফল হ’ব পৰা নাই৷ এইবাৰো তেনে এক ঘটনা সংঘটিত হয় বৰপেটাৰ বাঘবৰৰ চৰত৷ বালাজান জাতীয় বিদ্যালয়ৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী এগৰাকীয়ে বিদ্যালয়লৈ গৈ থকা অৱস্থাত অশ্লীল প্ৰস্তাৱ দিয়াৰ অভিযোগৰ ভিত্তিতেই যৌন নিৰ্যাতনৰ অভিযোগ তুলি মৰেল পুলিচে আক্ৰমণ কৰে ৬০ বছৰীয়া বৃদ্ধা হানিফ আলীক। বাঘবৰ আৰক্ষী থানাৰ পৰা দুই কিলোমিটাৰ নিলগৰ বালাজান চৰত দুইদিন পূৰ্বে সংঘটিত হৈছে এই ঘটনা। সমগ্ৰ ই মৰেল পুলিচৰ দৃশ্য ভাইৰাল হৈছে ছচিয়েল মিডিয়াত। বিচাৰ প্ৰক্ৰিয়াত ৰচীৰে বান্ধি ৰাজহুৱাকৈ অপদস্ত কৰাৰ লগতে শাৰীৰিক ভাৱেও প্ৰহাৰ কৰা হৈছে বৃদ্ধ গৰাকীক ।