নাজিৰা ৰিপোৰ্ট- ২ জুলাই: পিতৃ-মাতৃক ভক্তি কৰাৰ মহৎ বাক্য যেন অতীত হ’ল। নীতি শিক্ষা এতিয়া তুংগত উঠিল। তাৰেই এক নিদৰ্শন শিৱসাগৰৰ অ এন জি চিৰ কৰ্মচাৰী দেবাশীষ খাৰঘৰীয়াৰ পিতৃ সম্ৰাট থিয়েটাৰৰ প্ৰযোজক, ১৯৯৬ চনৰ মুনলাইট বঁটা প্ৰাপক ” দৈনন্দিন ” ধাৰাবাহিকৰ প্ৰযোজক অভিনেতা- বিশিষ্ট সাংস্কৃতিৰ কৰ্মী ৰজনী খাৰঘৰীয়াৰ আত্মহনন ৷ পুত্ৰ নহয় যেন হত্যাকাৰী ৷ অ’এনজিচিৰ কৰ্মচাৰী হৈও পিতৃমাতৃৰ প্ৰতি সাধাৰণ দায়িত্বকণো পালন নকৰা পাষাণ পুত্ৰ দেবাশীষ খাৰঘৰীয়া আৰু শিক্ষয়িত্ৰী বোৱাৰীৰ মানসিক নিৰ্যাতনৰ বাবেই আত্মহননৰ পথ বাচি ললে এসময়ৰ শিৱসাগৰৰে প্ৰতিষ্ঠিত ব্যৱসায়ী তথা বিশিষ্ট সাংস্কৃতিক কৰ্মী ৰজনী খাৰঘৰীয়াই ৷ জাতি- মাটিৰ স্বাৰ্থত সংগ্ৰাম কৰা আছুকে ধৰি ছাত্ৰ সংগঠনৰ কৰ্মীক নিজা কলঞ্চুপাৰ হোটেলত বিনামূলীয়াকৈ ভাত খুৱাই আনন্দ লাভ কৰাৰ লগতে সহায় কৰা শিল্পী ৰজনী খাৰঘৰীয়াই আত্মহননৰ পথ বাচি ললে এমুঠি ভাত আৰু পত্নীৰ চিকিৎসাৰ বাবে দৰব ক্ৰয় কৰিব নোৱাৰি পত্নীক মৃত্যুৰ মুখলৈ ঠেলি দিব লগা হোৱাৰ মানসিক যন্ত্ৰণাত ৷ দেওবাৰে পুৱাই মানৱ সভ্যতাক লজ্জিত কৰা এটা হৃদয় বিদাৰক ঘটনাই কঁপাই গ’ল শিৱসাগৰ ৷ জন্মদাতাৰ মৃত্যুৰ বাতৰিয়েও হৃদয় কঁপাব নোৱাৰিলে পাষাণ পুত্ৰৰ হৃদয়৷ উপস্থিত নহ’ল একমাত্ৰ পুত্ৰ আৰু শিক্ষয়িত্ৰী বোৱাৰী ৷ জীৱনৰ সমস্ত খিনি দি তুলি তালি ডাঙৰ কৰা একমাত্ৰ পুত্ৰ তথা মানৱ জাতিৰ কলংক দেবাশীষ আৰু তাৰ শিক্ষয়িত্ৰী পত্নী উপস্থিত নহল পিতৃ- মাতৃৰ মৃতদেহৰ কাষতো ৷ এটা ধুৰন্ধৰ কুলাংগাৰ পুত্ৰৰ বাবেই বিনা চিকিৎসাই মৃত্যুক সাৱটিলে মাতৃ তথা দৈনন্দিন ধাৰাবাহিকৰে এসময়ত মুনলাইট মিডিয়া বঁটা আজুৰি অনা প্ৰযোজক – অভিনেত্ৰী ৰুবী খাৰঘৰীয়াই ৷ অ’এনজিচিৰ কৰ্মচাৰী পুত্ৰই চোৱাচিতা নকৰাৰ বাবেই এটা ইনচুলিনৰ অভাৱত মৃত্যু ৰুবী খাৰঘৰীয়া নামৰ মহিলা গৰাকীৰ ৷ পত্নীৰ মৃত্যুত শোকদগ্ধ স্বামী ৰজনী খাৰঘৰীয়াৰ আত্মহনন ৷ জীৱনৰ সমস্ত সঞ্চিত আৰু আৰ্জিত পুজি একমাত্ৰ পুত্ৰৰ শিক্ষা আৰু চাকৰিৰ নামত ব্যয় কৰি অৱশেষত কুলাংগাৰ পুত্ৰৰ স্বাৰ্থপৰতাত এটা ইনচুলিনৰ অভাৱতে বিনা চিকিৎসাই মৃত্যু ৰুবী খাৰঘৰীয়া নামৰ মহিলা গৰাকীৰ ৷ ইফালে পত্নীৰ বিনা চিকিৎসাই মৃত্যু আৰু আলাসৰ লাড়ু স্বৰূপ অ’এনজিচিৰ কৰ্মচাৰী একমাত্ৰ পুত্ৰ দেবাশীষ খাৰঘৰীয়া আৰু শিক্ষয়িত্ৰী বোৱাৰীৰ অনাদৰ, লাঞ্চনা আৰু অবহেলাৰ বাবেই আত্মহননৰ পথ বাচি ললে সৰ্বভাৰতীয় পুৰস্কাৰ প্ৰাপ্ত অভিনেতা- প্ৰযোজক ৰজনী খাৰঘৰীয়াই ৷ একমাত্ৰ পুত্ৰ- বোৱাৰীৰ স্বাৰ্থপৰতাই প্ৰাণ ললে এসময়ৰ সম্ৰাট থিয়েটাৰৰ প্ৰযোজক অভিনেতা তথা মুনলাইট মিডিয়া বঁটা লাভ কৰা দৈনন্দিন ধাৰাবাহিকৰ প্ৰযোজকদ্বয় ৰজনী খাৰঘৰীয়া আৰু ৰুবী খাৰঘৰীয়াৰ ৷ পুত্ৰ- জীয়ৰীৰ গুৰুত্বহীনতাৰ বাবে এমুঠি ভাত আৰু দৰব ক্ৰয়ৰ বাবেও অসমৰ্থ হৈ পৰি আৰ্থিক সকাহৰ বাবে শিল্পী গৰাকীয়ে আবেদন কৰিছিল ২০১৭-১৮ বৰ্ষৰ ৰাজ্যিক শিল্পী পেঞ্চনৰ বাবেও ৷ মৃত্যুৰ পূৰ্বে পাঁচখনকৈ ” চুইচাইড নোট” লিখি গৈছে শিল্পী ৰজনী খাৰঘৰীয়াই ৷ কুলাংগাৰ পুত্ৰৰ প্ৰতি, জীয়াৰীৰ প্ৰতি, শিৱসাগৰ নগৰৰ আছুতীয়া পথত শিল্পীজনে বসবাস কৰা ভাড়াঘৰৰ মালিক ৰন্টু শৰ্মা আৰু আছুতীয়া পথৰ বাসিন্দা সকলৰ প্ৰতি আৰু সংবাদ মাধ্যমৰ প্ৰতিও বেলেগে বেলেগে বন্ধ লেফাফাত নোট লিখি যোৱা শিল্পী ৰজনী খাৰঘৰীয়াৰ চুইচাইড নোট সমূহ বৰ্তমানো আৰক্ষীৰ জিম্মাত ৷ আৰক্ষীয়ে চুইচাইড নোট মুকলি কৰিলে হয়তু আৰু অধিক পোহৰলৈ আহিব শিল্পী দম্পত্তিৰ জীৱনৰ প্ৰতি মোহভংগ ঘটা নিদাৰুণ কাহিনী আৰু পুত্ৰ- কন্যাৰ অবহেলাৰ কৰুণ দস্তাবেজ ৷