সৰভোগ, সংবাদ ৩৬৫, ২১ আগষ্ট: ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টিত গাঁঠিৰ ধন খৰছ কৰি জৰাজীৰ্ণ পথ দান- বৰঙণিৰে মেৰামতি কৰিলে সৰভোগ সমষ্টিৰ ৰাইজে। উন্নয়নৰ নামত টেটুফালি চিঞৰা বিজেপি চৰকাৰখনে ২বছৰ কার্যকালৰ ক্ষমতাত থাকিও উন্নয়নৰ মুখ দেখাব নোৱাৰিলে খোদ ৰাজ্যিক বিজেপিৰ সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টিত। সৰভোগ সমষ্টিৰ অন্তৰ্গত বালাগাওঁ ফেউৰাখোৱা দলঙৰ পৰা চকীহালী বজাৰলৈ যোৱা পথটো বিগত ৭ বছৰে জৰাজীৰ্ণ হৈ থকাত যমৰ যাতনাত ভুগিছে অঞ্চলটোৰ ৰাইজে। এই জৰাজীৰ্ণ পথটোৰ মেৰামতিৰ বাবে বালাগাওঁ ফেউৰাখোৱাবাসীয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসক বাৰম্বাৰ আবেদন কৰিছে যদিও বৰ্তমানেও একো সুফল পোৱা নাই বুলি অভিযোগ কৰে ৰাইজে। নিৰ্বাচনৰ সময়ত হাজাৰটা প্ৰতিশ্ৰুতি দিছিল বিধায়ক ৰঞ্জিত কুমাৰ দাসে। কিন্তু আজিকোপতি এটা ফুটাকৰিও লাভ নকৰিলে অঞ্চলটোৰ ৰাইজে। সেয়ে উপায়ন্তৰ হৈ গাঁঠিৰ ধন খৰছ কৰি পথচাৰীৰ পৰা দান বৰঙণি আদায় কৰি টেক্টৰেৰ মাটি পেলাই মেৰামতি কৰিলে বালাগাওঁ ফেউৰাখোৱাবাসীয়ে।উন্নয়নৰ নামত পিঠি দি ঢাক ঢোল বজাই ফুৰা বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগ সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসৰ বিৰুদ্ধে অঞ্চলবাসী ৰাইজে এনেদৰে ক্ষোভ প্ৰকাশ কৰে।