গুৱাহাটী, সংবাদ ৩৬৫, ২৪ আগষ্ট: এজাক বৰষুণতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে মহানগৰীৰ ভিন ভিন অঞ্চল। কৃত্ৰিম বানত বুৰ গল মহানগৰীৰ জি এছ ৰোড, চান্দমাৰী, জু ৰোড, যোৰাবাট, বেলতলা, ছয়মাইল, পাঞ্জাৱৰী, অনিল নগৰ, নবীন নগৰ, আমবাৰী। জি এছ ৰোডত একাঠু কৃত্ৰিম বানৰ ফলত সৃষ্টি হৈছে তীব্ৰ যান-জট। জু ৰোডতো আবদ্ধ হৈ পৰিছে শ শ যান বাহন। কেইবাখনো বাহনৰ ইঞ্জিন বিকল হৈ হাহাকাৰ সৃষ্টি হৈছে জনসাধাৰণৰ মাজত। চান্দমাৰী আৰু যোৰাবাটটো একেই পৰিস্থিতি। এককাল বানত বুৰিছে ১৩ মাইল। আনহাতে দিছপুৰৰ বিধায়ক আৱাস গৃহও কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে। পুৰণি বিধায়ক আৱাসৰ অধিকাংশ গৃহত পানী। বিভিন্ন স্থানত কৃত্ৰিম বানৰ ফলত ব্যহত হৈ পৰিছে যাতায়ত ব্যৱস্থা।