পলাশবাৰী, সংবাদ ৩৬৫, ২৪ আগষ্ট: দক্ষিণ কামৰূপ পলাশবাৰী আৰক্ষী চকীৰ অন্তৰ্গত বঙৰাস্থিত শংকৰদেৱ হাইস্কুলত বৃহস্পতিবাৰে নিশা বিদ্যালয়খনৰ বিদ্যুৎ মিটাৰৰ তাৰ কাটি কম্পিউটাৰ ক্লাছৰূমৰ দুৱাৰ ভাঙি উদণ্ড চোৰে লুটি নিলে ৪টাকৈ কম্পিউটাৰ। উল্লেখ্য যে বিদ্যালয় খনত নাইট চকীদাৰৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই কেবাবাৰো আবেদন কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলতে এনে চুৰিকাণ্ড সংঘটিত হৈছে বুলি অভিযোগ কৰে বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে। নিতৌ আৰক্ষীৰ চকুত ধূলি দি চুৰিকাৰ্য চলাই আহিছে উদণ্ড গভাইত চোৰে। আৰক্ষীৰ চকুত ধূলি দি সাৰি যোৱা এইসকল চোৰক আৰক্ষীয়ে নাকি লগাব পাৰিব নে সেয়াহে লক্ষ্যনীয় হব।