জনীয়া

১১ আগষ্ট

যোৱা দুমাহত দুটাকৈ ভয়াবহ বানপানীৰ কবলত পৰা বৰপেটা জিলাৰ কেইবাখনো গাঁৱত এতিয়া বিশুদ্ধ খোৱা পানীৰ অভাৱ।এটোপাল বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে ৰাইজ। নদীৰ লেতেৰা আৰু ঘোলাপানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য ৰাইজ।

বানপানী কমিছে যদিও কমা নাই নৈপৰীয়া লোকৰ দূৰ্দশা। বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কলগাছিয়া ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱত এতিয়া দেখা দিছে বিশুদ্ধ খোৱা পানীৰ তীব্ৰ নাটনি। কলগাছিয়া ৰাজহ চক্ৰৰ আমগুৰি, খাৰবাল্লী, কাউৰঝাহী, সুঁতিৰ পাথাৰ আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ অভাৱত হাহাকাৰ কৰিব লগীয়া হৈছে। বেকী নদীৰ লেতেৰা আৰু ঘোলাপানী সেৱন কৰিয়ে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হৈছে ৰাইজ। কলগাছিয়াৰ ৰাজহ চক্ৰৰ কেইবাখনো গাঁৱৰ দুখীয়া লোক সকলৰ দমকল নথকাৰ ফলত এই লোক সকলৰ পৰিয়ালৰ মহিলা সকলে কলহৰে নদীৰ পানী সংগ্ৰহ কৰি পৰিয়ালৰ অন্যান্য লোক সকলৰ তৃষ্ণা নিবাৰণ কৰে। নদীৰ দূষিত, লেতেৰা আৰু ঘোলা পানীৰেই ৰন্ধাবঢ়া, খোৱা-লোৱা, গা-ধোৱাৰ লগতে যাৱতীয় কাম কাজত ব্যৱহাৰ কৰিব লগীয়া হয় গাঁও কেইখনৰ ৰাইজে।

উল্লেখযোগ্য যে, নদীৰ লেতেৰা আৰু ঘোলাপানী সেৱন কৰাৰ ফলত বহু কেইটা পৰিয়ালৰ সদস্যৰ মাজত দেখা দিছে বিভিন্ন বেপাৰ। দূষিত পানী সেৱনৰ ফলত অসুস্থ হৈ পৰা দুখীয়া পৰিয়ালৰ লোক সকল ধনৰ অভাৱত চিকিৎসকৰ কাষ চাপিবলৈও অসমৰ্থ। আনহাতে কেৱল ভোট আহিলেহে এই সকল লোকৰ আদৰ বাঢ়ে নেতা সকলৰ ওচৰত। ভোটৰ পিছত কোনো নেতা, বিধায়কৰ চকুত নপৰে এই ভূক্তভোগী ৰাইজৰ দূৰ্দশাৰ ওপৰত। নদীৰ গৰাখহনীয়াই জুৰুলা কৰি পেলোৱা এই সকল ৰাইজৰ এটুপাল বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে ৰাইজে চৰকাৰ তথা প্ৰশাসনক।