কুন্দন ভৰালী

নগাঁও

১১ আগষ্ট

হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে নগাঁও সদৰ থানাত এজাহাৰ দাখিল। অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে সাহিত্যক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকলৈ কৰা বিতৰ্কিত মন্তব্যৰ বাবে শিলাদিত্য দেৱৰ বিৰুদ্ধে দাখিল কৰিলে এজাহাৰ।

বিধায়ক শিলাদিত্যক গ্ৰেপ্তাৰৰ দাবী জনাই এইবাৰ নগাঁও সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিলে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। হোজাইৰ বিতৰ্কিত বিধায়ক গৰাকীয়ে সাহিত্যক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰয়াত চৈয়দ আব্দুল মালিকক জেহাদী আৰু নেতাজী সুভাষ চন্দ্ৰ বসুক সন্ত্ৰাসবাদী আখ্যা দিয়াক লৈ জাঙুৰ খাই পৰিছে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংগঠনটোৰ সম্পাদক আবু বক্কৰ ছিদ্দিকে নগাঁও সদৰ থানাত হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে এক এজাহাৰ দাখিল কৰি বিধায়ক গৰাকীক তৎকালীনভাৱে গ্ৰেপ্তাৰ কৰি আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায়। উল্লেখ্য যে সঘনাই বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমত চৰ্চিত হৈ থকা হোজাইৰ বিজেপি দলৰ বিধায়ক শিলাদিত্য দেৱ কিছুদিন পূৰ্বে চৈয়দ আব্দুল মালিকৰ সৃষ্টিৰাজীক বৌদ্ধিক জেহাদীৰ লগত তুলনা কৰি এক বিতৰ্কিত মন্তব্য দিছিল।

স্বনামধন্য সাহিত্যিক চৈয়দ আব্দুল মালিককলৈ হোজাইৰ বিধয়াক শিলাদিত্য দেৱেৰ বিতৰ্কিত মন্তব্যৰ পিছতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল-সংগঠনে বিধয়াক গৰাকীৰ এই মন্তব্যক গৰিহণা দিয়াৰ লগতে বিধয়াক শিলাদিত্য দেৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।