তেজপুৰ, সংবাদ ৩৬৫, ৩০ আগষ্ট: তেজপুৰত কৰ্মৰত ৰেল বিভাগৰ অৱসৰপ্ৰাপ্ত বিষয়া আব্দুল হাজিজ আনচাৰিৰ প্ৰথমখন খচৰাত প্ৰকাশ পাইছিল যদিও দ্বিতীয় তথা সদ্য প্ৰকাশিত খচৰাত নাম কৰ্তন কৰি ডি ভোটাৰ হিচাপে চিনাক্ত হয়। ৰেল বিষয়াজন ১৯৪০ চনৰ ১ জুনত বেতনিজাৰত জন্মগ্ৰহণ কৰি ১৯৬০ চনত তেজপুৰত ৰেলৱে চাকৰিত যোগদান কৰি ২০০৫ চনত অৱসৰ গ্ৰহণ কৰিছিল। ৰেল বিষয়াজনৰ ৰহস্যজনক ভাৱে লিগেচী ব্যৱহাৰ কৰি তেওঁৰ অধিবক্তা জীয়ৰী, পুত্ৰ, পত্নীৰ নাম এন আৰ চিত সন্নিৱিষ্ট হৈছে। এন আৰ চিৰ এই ৰহস্যজনক লিগেচী ব্যৱহাৰত ৰেল বিষয়াজন ক্ষোভিত হৈ পৰিছে। অসমীয়া জাতিৰ দলিল স্বৰূপ এনআৰচিৰ দ্বিতীয় সম্পূৰ্ণ খচৰাৰ পৰা ৰেল বিভাগৰ নামৰ বাদ পৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।