গোসাইগাঁও, সংবাদ ৩৬৫, ৩০ আগষ্ট: ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীয়ন উন্নীতকৰণৰ প্ৰক্ৰিয়া চলি থকা সময়তে অসম সীমান্ত আৰক্ষীয়ে প্ৰকৃত ভাৰতীয় তথা অসমত বসবাস কৰা একাংশ বাঙালী লোকক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰাৰ অভিযোগসহ একাধিক দাবী লৈ বৃহস্পতিবাৰে আমৰা বঙালী নামৰ সংগঠনটোৱে পশ্চিমবংগ কোচবিহাৰ ৰেল ষ্টেচনৰ সন্মূখত তীব্ৰ প্ৰতিবাদ জনায়।অসমত বসবাস কৰা বঙালী সকলক ভাৰতীয় হোৱা সত্বেও বিদেশী সজাই হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোয়ে। একাংশই দাবী উত্থাপন কৰি বঙালী সংগঠনটোৱে অসমৰ মূখ্যমন্ত্ৰী সৰ্ৱানন্দ সোনোৱাল মূৰ্দাবাদ,আমৰা বঙালী জিন্দাবাদ, বঙালী বিৰোধী হুচিয়াৰ শ্লোগানেৰে কোচবিহাৰ চহৰ কঁপাই তোলে। প্ৰকৃত ভাৰতীয় নাগৰিকৰ সকলো প্ৰমাণ পত্ৰ থকা সত্বেও যধে মধে ডি ভোটাৰ সজাই একাংশ অশিক্ষিত তথা দৰিদ্ৰ বঙালীক হাৰাশাস্তি কৰাই নহয়, ইতিমধ্যে বহুতো লোকক বন্দী শিৱিৰত  নিক্ষেপ কৰি হাৰাশাস্তি কৰাৰ গুৰুতৰ অভিযোগ কৰে সংগঠনটোৱে। প্ৰকৃত ভাৰতীয় নাগৰিক সকলক বিনাচৰ্তে আৰু অতি শীঘ্ৰে মুক্ত কৰি দিবলৈও দাবী জনায় সংগঠনটোৱে। উক্ত অমানবীয় আৰু বাঙালী বিৰোধী কাৰ্যকলাপ বন্ধ কৰি প্ৰকৃত নাগৰিকৰ অধিকাৰ সুনিশ্চিত কৰাৰ দাবী জনায়। উক্ত বিষয়টো অতি সোনকালে চৰকাৰে সমাধান কৰাৰ দাবী জনায়।