গুৱাহাটী, সংবাদ ৩৬৫, ৩০ আগষ্ট: বৃহস্পতিবাৰে দিনৰ প্ৰায় ১:৩০ বজাত মহানগৰীৰ উলুবাৰীৰ এইচ ডি এফ চি বেংকৰ সমীপত ভয়ংকৰ অগ্নিকণ্ড সংঘটিত হয়। এই ভয়ংকৰ অগ্নিকণ্ডত ৩ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয় আৰু কেইবাটাও চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটে। ৪ খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নির্বাপনৰ চেষ্টা কৰে। এই অগ্নিকণ্ডক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। বৰ্তমান আৰক্ষী প্ৰশাসনে বি কে কাকতি পথছোৱাৰ যাতায়ত ব্যৱস্থা বন্ধ কৰি দিয়ে।