গুৱাহাটী, সংবাদ ৩৬৫, ১২ ডিচেম্বৰ: বহু প্ৰত্যাক্ষিত ৰাষ্ট্ৰীয় নাগৰিকপন্জীৰ নাম অন্তৰ্ভুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ে বুধবাৰে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা ৩১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে৷ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত খচৰা প্ৰকাশ হোৱাৰ পাছত প্ৰায় ৪০ লক্ষাধিক আবেদনকাৰীৰ নাম অন্তৰ্ভুক্ত হোৱা নাই যদিও তেওঁলোকক নাগৰিক পঞ্জীত নাম অন্তৰ্ভুক্তিৰ বাবে ন্যায়ালয়ে পূৰ্বে ১৫ ডিচেম্বৰলৈ দাবী আৰু আপত্তি দাখিলৰ সময়সীমা বান্ধি দিছিল৷ প্ৰায় ১৪.৮ লক্ষাধিক আবেদনকাৰীয়ে দাবী আৰু আপত্তি দাখিল কৰিছিল। উচ্চতম ন্যায়ালয়ে বুধবাৰে দাবী আৰু আপত্তি দাখিলৰ সময়সীমা বৃদ্ধি কৰাত এন আৰ চিৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্তি নোহোৱাসকলে কিছু সকাহ পাইছে বুলি এন আৰ চিৰ সমন্বয়ক প্ৰতীক হাজেলাই জানিবলৈ দিয়ে।