আজাৰা, সংবাদ ৩৬৫, ১১ ডিচেম্বৰ: গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তজাৰ্তিক বিমানবন্দৰৰ সহিতে দেশৰ ৬খন লাভাজনক বিমানবন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰৰ কেবিনেতে ব্যক্তিগত খণ্ডক গতাই দিয়াৰ হতকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙোৰ খাই উঠিছে এয়াৰপৰ্ট অঠৰিটি এম্পলয়ছ ইউনিয়নে। কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধীতা কৰি গুৱাহাটী বিমানবন্দৰৰ ক্ষেত্ৰীয় কাৰ্যালয়ৰ সন্মুখত সোমবাৰৰ পৰা তিনিদিনীয়াকৈ অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে কৰ্মচাৰীসকলে । এখন লাভাজনক বিমানবন্দৰক ব্যক্তিগত প্ৰতিষ্ঠানক গতাই দিয়াৰ কেন্দ্ৰীয় চৰকাৰে যি পৰিকল্পনা লৈছে সেয়া কোনোপধ্যে মানি লোৱা নহ’ব। ধাৰাবাহিকভাৱে আন্দোলন চলাই নিয়াৰ হুংকাৰ দি উত্তৰ-পুৰ্বাঞ্চলৰ একমাত্ৰ আন্তজাৰ্তিক বিমানবন্দৰখন কোনোপদ্ধেই ব্যক্তিগতকৰন কৰিবলৈ দিয়া নহ’ব । কেন্দ্ৰীয় চৰকাৰে যি সিদ্ধান্ত গ্ৰহন কৰিছে সেয়া বাতিল কৰিবই লাগিব বুলি অনশন কাৰ্যসূচীত দাবী কৰে কৰ্মচাৰীসকলে। পৰৱৰ্তী সময়টো এয়াৰপৰ্ট অঠৰিটি এম্পলয়ছ ইউনিয়নে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ ব্যক্তিগতকৰনৰ বিৰুদ্ধে মাত মাতিবলৈ অসমৰ বিভিন্ন দল-সংগঠনকো আহ্বান জনায় সংগঠনটোৱে । কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত সমগ্ৰ অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ বাবে এক হতকাৰী সিদ্ধান্ত বুলিও সংগঠনটোৱে প্ৰকাশ কৰি তিনিদিনীয়াকৈ অনশন কৰাৰ পিছতো যদি কেন্দ্ৰীয় চৰকাৰৰ পৰা কোনো সহাৰি নাপায় তেতিয়াহলে জংগী আন্দোলনৰো হুংকাৰ দিয়ে সংগঠনটোৱে।