গুৱাহাটী, ১৭ জুনঃ ভাৰতৰ আগশাৰীৰ চিকিৎসা সেৱা প্রদানকাৰী প্রতিষ্ঠান এপ’ল’ হাস্পাতাল গ্রুপে গুৱাহাটীত প্ৰথমখন পূর্ণাঙ্গ মাল্টি স্পেচিয়েলিটি হাস্পাতাল মুকলি কৰে। অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰে। অনুষ্ঠানতমন্ত্রী ড০ শৰ্মাৰ লগতে ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলী, পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধার্থ ভট্টাচার্য, এপ’ল’ হাস্পাতাল এণ্টাৰপ্রাইজ লিমিটেডৰ যুটীয়া পৰিচালন সঞ্চালিকা সংগীতা ৰেড্ডী, এপ’ল’ হাস্পতাল এণ্টাৰপ্রাইজ লিমিটেডৰ হস্পিতাল ডিভিজনৰ অধ্যক্ষ ডাঃ কে হৰিপ্ৰসাদ, এপ’ল’ হাস্পতাল, গুৱাহাটীৰ সঞ্চালক সত্যামৃত কাগতি আৰু এপ’ল’ হাস্পতাল, গুৱাহাটীৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঃ আশীষ মালাকৰ।

সমগ্ৰ এছিয়াৰ ভিতৰত উন্নত চিকিৎসা সেৱা প্রদানকাৰী প্রতিষ্ঠান এপ’ল’ গ্রুপ অৱ হাস্পাতালছে গুৱাহাটীত পূৰ্বৰে পৰা থকা ইণ্টাৰনেশ্যনেল হস্পিতাল’ নামৰ এখন চিকিৎসালয়ত পূর্ণাঙ্গ আন্তঃগাঁথনি বিনিয়োগেৰে সংশ্লিষ্ট হাস্পাতালখন এক অত্যধুনিক চিকিৎসা সেৱা প্রদানকাৰী প্রতিষ্ঠানত পৰিণত কৰে। অসম তথা উত্তৰ-পূবাঞ্চলৰ লোকসকলক বিশ্বমানৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যেৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সম্প্রতি ২২০ খন বিচনাৰে সৈতে সেৱা আৰম্ভ কৰা এই ছুপাৰস্পেচিয়েলিটি হাস্পাতালখনে ৫০ টা বিভিন্ন বিষয়ত স্পেচিয়েলিটি আৰু ছুপাৰস্পেচিয়েলিটি সেৱা আগবঢ়াইছে। তদুপৰি চিকিৎসালয়খনে অতি শীঘ্ৰে অতিৰিক্ত ১০০ খন বিচনাৰ সংযোজন ঘটোৱাৰ লগতে অঙ্ক’ল’জী আৰু কাৰ্ডিঅ’থ’ৰেছিছ ছাৰ্জাৰি সেৱাও সংযোজন কৰাৰ পৰিকল্পনা গ্রহণ কৰিছে। ৰােগীৰ সুৰক্ষা, উন্নত নিদানিক ফলাফল আৰু শ্রেষ্ঠতম সেৱা প্রদানেৰে ৰােগীৰ সন্তুষ্টিয়েই এপ’ল’ হাস্পতালৰ মুখ্য উদ্দেশ্য৷ চিকিৎসালয়খনৰ মুখ্য লক্ষ্যই হৈছে চিকিৎসালয়খনত প্ৰৱেশ কৰা প্ৰতিগৰাকী ৰােগীয়ে শ্রেষ্ঠতম সেৱা লাভ কৰিব পাৰে সেয়া সুনিশ্চিত কৰা।

চিকিৎসালয়খনৰ গুৱাহাটী খণ্ডটাে মুকলি কৰাৰ লগতে ইণ্টাৰনেশ্যনেল হাস্পাতালৰ ১৯ তম প্রতিষ্ঠা দিৱস উপলক্ষে আয়োজিত মুকলি সভাত অংশগ্রহণ কৰি এপ’ল’ হাস্পতাল এণ্টাৰপ্রাইজ লিমিটেডৰ যুটীয়া পৰিচালন সঞ্চালিকা সংগীতা ৰেড্ডীয়ে কয় যে ৰােগীক চিকিৎসা প্রদানেৰে নিৰাময় কৰি তোলাৰ উদ্দেশ্যে চেন্নাইত প্রথমবাৰৰ বাবে দেশৰ প্ৰথমখন ব্যক্তিগত টেৰিট’ৰি চিকিৎসালয় মুকলি কৰি আমাৰ এই যাত্ৰা আৰম্ভ হৈছিল। এপ’ল’ৱে ইতিমধ্যে বৈশ্বিক স্বীকৃতি লাভ কৰিছে, বিশেষকৈ ইয়াৰ দক্ষতাসম্পন্ন সেৱা আৰু বিশ্বমানৰ আন্ত:গাঁথনিৰ বাবে, যিয়ে এক ব্যয়সাধ্য দৰতেই আগবঢ়াই আহিছে বিশ্বৰ যিকোনো শ্ৰেষ্ঠতম চিকিৎসা সেৱাৰে তুলনা কৰিব পৰা পর্যায়ৰ চিকিৎসা সেৱা। আমাৰ ৰােগীসকলৰ নিকটতম স্থানলৈ আমাৰ মাল্টি-স্পেচিয়েলিটি চিকিৎসা সেৱা লৈ আহিবলৈ সক্ষম হৈ সঁচাকৈ সুখী হৈছো। গুৱাহাটী তথা ইয়াৰ নিকটৱৰ্তী স্থানসমূহৰ প্ৰতিগৰাকী ৰােগীকে আধুনিক চিকিৎসা পদ্ধতিৰে শ্রেষ্ঠতম মানৰ চিকিৎসা সেৱা আগবঢ়াবলৈ এপ’ল’ হাস্পতাল বদ্ধপৰিকৰ। শ্রেষ্ঠতম তথা অত্যাধুনিক চিকিৎসা পদ্ধতিৰে শ্রেষ্ঠতম চিকিৎসা সেৱা আগবঢ়াই যোৱাৰ বাবে আজিৰে পৰা আমি প্রতিশ্রুতি প্ৰদান কৰিলো৷

উল্লেখ্য যে চিকিৎসালয়খন মুকলি কৰাৰ সৈতে সংগতি ৰাখি আজি পুৱা চিকিৎসালয়খনৰ সমূহ চিকিৎসক, নাৰ্ছ তথা অন্যান্য কর্মচাৰীসকলে পুৱা এক ৱাকাথনত অংশগ্রহণ কৰে।