কুন্দন ভৰালী

নগাঁও

২৬ ফেব্ৰুৱাৰী

এমাহ অতিক্ৰম কৰিলে বঢ়মপুৰৰ মিকিৰ-বামুনীৰ কৃষক বিক্ষোভে।আজি পৰ্যন্ত বঢ়মপুৰ মিকিৰ -বামুনী গ্ৰান্টত উপস্থিত নহ’ল চৰকাৰ-প্ৰশাসনৰ কোনো লোক ।আজুৰ কোম্পানীয়ে ৰায়তী খতিয়ান প্ৰাপ্ত কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰাক লৈ এই প্ৰতিবাদ।

নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণী গ্ৰান্টৰ ৰায়তী খতিয়ানপ্ৰাপ্ত কৃষিভূমিৰ পৰা কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰা কাৰ্যৰ বিৰোধিতাৰে ২৬ জানুৱাৰী পৰা আৰম্ভ হৈছিল কৃষক বিক্ষোভ।উল্লেখযোগ্য যে,অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এ পি ডি চি এলৰ জৰিয়তে “আজুৰ” কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ মিকিৰ-বামুনী গ্ৰান্টত সৌৰশক্তিৰে বিদ্যুৎ বিতৰনৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে মিকিৰ-বামুনী গ্ৰান্টৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষক সকলক বলপূৰ্বকভাৱে উচ্ছেদ কৰি মাটি বহিৰাগত বণিক গোষ্ঠীক গটাই দিয়াৰ প্ৰতিবাদত গণৰাজ্য দিৱসৰ দিনাৰে পৰা বঢ়মপুৰ বামুনীৰ মিকিৰ-বামুনী গ্ৰান্টত আৰম্ভ হোৱা কৃষক বিক্ষোভে শুকুৰবাৰে এমাহত ভৰি দিলে।

এইসকল দুৰ্ভগীয়া কৃষকৰ কাষত আজি পৰ্যন্ত উপস্থিত নহ’ল চৰকাৰ-প্ৰশাসনৰ কোনো লোক।নিজৰ মাটিৰ ৰায়তী খতিয়ান ঘূৰাই দিয়াৰ দাবীত কোলাত কণ কণ শিশু লৈ মহিলাৰ পৰা বৃদ্ধ লৈকে অংশগ্ৰহণ কৰিছে এই কৃষক বিক্ষোভত কিন্তু জাতি-মাটি ভেটি ৰক্ষাৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোটঁ চৰকাৰৰ আজি পৰ্যন্ত সময় নহ’ল এই সকল দুৰ্ভগীয়া কৃষকৰ খবৰ ল’বলৈ।