গুৱাহাটী

২৬ ফেব্ৰুৱাৰী

বৰঝাৰ  আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত ৰাষ্টীয় জনতা দলৰ সভাপতি তেজশ্ৰী যাদৱ। বিমান বন্দৰত এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলাম, চিৰাজুদ্দিন আজমাল লগতে কেবাগৰাকীও নেতা কৰ্মীয়ে আদৰণি জনাই তেজশ্ৰী যাদৱ।

গুৱাহাটীত উপস্থিত হ’ল ৰাষ্টীয় জনতা দলৰ সভাপতি তেজশ্ৰী যাদৱ। শুকুৰবাৰে দুদিনীয়া ভ্ৰমণসূচীলৈ গুৱাহাটীত উপস্থিত হয় তেজশ্ৰী যাদৱ। বিমান বন্দৰৰ পৰা পোনে পোনে জালুকবাৰীস্থিত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰলৈ ৰাওনা হয় ৰাষ্টীয় জনতা দলৰ সভাপতি গৰাকী। সমাধি ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত ৰাষ্টীয় জনতা দলৰ সভাপতিগৰাকীয়ে হোটেল তাজলৈ যায়।
নিশা হোটেল তাজ কটাই শনিবাৰে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি গৰাকীয়ে ৰাষ্ট্ৰীয় জনতা দলৰ এক সভাত অংশগ্ৰহণ কৰিব।

ৰাষ্ট্ৰীয় জনতা দলৰ সভাত অংশগ্ৰহণ কৰাৰ পিছতে তেজশ্ৰী যাদৱে এ আই ইউ ডি এফ কংগ্ৰেছ আৰু বিজেপি বিৰোধী বিভিন্ন ৰাজনৈতিক দলৰ লগত এক আলোচনাত মিলিত হ’ব। শনিবাৰে তেজশ্ৰী যাদৱে তাজ হোটেলত দুপৰীয়া দুই বজাত এক সংবাদ মেল সম্বোধন কৰিব বুলি জানিব পৰা গৈছে।