তামুলপুৰ, সংবাদ ৩৬৫, ১৭ নৱেম্বৰ: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে আলফা (স্বাধীন)ৰ নামত ধনদাবী কৰি আটক হয় দুই লম্পট। ধৃত যুৱক দুজন হ’ল তামুলপুৰ আৰক্ষী থানাৰ অধীনৰ গান্ধীবাৰী আৰক্ষী চকীৰ অন্তৰ্গত পঠালিকুছিৰ ৰামচৰণ দাসৰ পুত্ৰ কুশল দাস(২৪) আৰু আনজন উক্ত গাঁৱৰে যতীন দাসৰ পুত্ৰ জগত দাস(২৫)। জানিব পৰামতে বিগত কিছুদিন ধৰি তামুলপুৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী অনিল মেধিক নিজকে আলফা( স্বা)ৰ কেডাৰ বুলি পৰিচয় দি পাঁচ লাখ টকাৰ ধন দাবী কৰে। ইয়াৰ পিছতে অনিল মেধিয়ে তামুলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অসীম বৰাক তাৎক্ষণিক ভাৱে অৱগত কৰে।এই ক্ষেত্ৰত তামুলপুৰ আৰক্ষী থানাৰ বিষয়া অসীম বৰা আৰু গান্ধীবাৰী আৰক্ষী চকী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজেন বড়োই অধিক ক্ষিপ্ৰতাৰে অভিযান চলাই শনিবাৰে দুপৰীয়া তামুলপুৰৰ পঠালিকুছিৰ পৰা কুশল দাসক আটক কৰাৰ বিপৰীতে দুপৰীয়া চাংচাৰীৰ পৰা জগত দাসক আটক কৰে। আটকাধীন দুই ভূৱা আলফাক সম্প্ৰতি জেৰা অব্যাহত ৰাখিছে তামুলপুৰ আৰক্ষীয়ে।