ওদালগুৰি, সংবাদ ৩৬৫, ১৪ আগষ্ট: ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত ৰাণীপুখুৰীৰ ১নং ঝাৰগাঁৱত সোমবাৰে নিশা ৰাইজে সেনাবাহিনীৰ দল এটাক আবদ্ধ কৰি ৰাখে৷ জানিবলৈ পোৱা মতে সোমবাৰে নিশা ৰাণীপুখুৰীৰ ১নং ঝাৰগাঁৱৰ ইছলামুদ্দিন আলী নামৰ এজন কাঠমিস্ত্ৰীক সেনাই আটক কৰি লৈ যায় আৰু পুৱতিনিশা ইছলামুদ্দিন আলীক পৰিয়ালৰ লোকক গতাই দিবলৈ অহাৰ সময়ত সেনাৰ দলটোক স্থানীয় ৰাইজে আবদ্ধ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। স্থানীয় ৰাইজে সেনা দলক আবদ্ধ কৰি।উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ খবৰ পাই ভেৰগাঁৱৰ মহকুমা আৰক্ষী বিষয়া বৰুণ পুৰকায়স্থ আৰু কলাইগাঁও থানাৰ আৰক্ষী বিষয়া ডিম্বেশ্বৰ দাস ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। আৰক্ষীয়ে স্থানীয় ৰাইজ আৰু দল-সংগঠনৰ লগত আলোচনা কৰি সেনাৰ দলটোক উদ্ধাৰ কৰি লৈ যায়। উল্লেখ্য যে সেনাৰ দলটোৱে অবৈধ অস্ত্ৰৰ সন্ধানত আহি ইছলামুদ্দিন আলীক আটক কৰিছিল।