চৰাইদেউ, সংবাদ ৩৬৫, ১৪ আগষ্ট: মঙ্গলবাৰে চৰাইদেউ মহকুমা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত মহকুমা স্বাস্থ্য বিষয়া ডা: নিপেন বৰুৱাই এক সংবাদমেলত অনুষ্ঠিত কৰি জানিবলৈ দিয়ে যে সৰু আই ৰুবেলা চমুকৈ এন. আৰ টিকাই সৰু আই আৰু ৰুবেলা বেমাৰ প্ৰতিৰোধ কৰে। ৯ মহীয়া শিশুৰপৰা ১৫ বছৰ বয়সলৈকে সকলো ছাত্ৰ-ছাত্ৰীক অথবা ল’ৰা-ছোৱালীক ৰুবেলাপ্ৰতিষেধক টিকা প্ৰদান কৰাৰ প্ৰয়োজন। সেই উদ্দেশ্য সৰু আই- ৰুবেলা ৰোগ প্ৰতিৰোধৰ বাবে চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ৯ মাহৰপৰা ১৫ বছৰ বয়সৰ ল’ৰা-ছোৱালীসকলক অহা ১৭ আগষ্টৰপৰা সৰু আই -ৰুবেলা প্ৰতিষেধক প্ৰদান কৰা হ’ব। ডাঃ নিপেন বৰুৱাই আৰু লগতে কয় যে এই টিকা প্ৰতিষেধক প্ৰদান কৰিহে এই দুটা ৰোগ নিৰাময় কৰা সম্ভব। সেয়েহে চৰাইদেউ জিলাৰ সকলো স্কুল, সামাজিক অনুষ্ঠান, অংগনবাড়ী কেন্দ্র, স্বাস্থ্য কেন্দ্র আদিত এই প্ৰতিষেধক প্ৰদান কেন্দ্র স্থাপন কৰা হ’ব। প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্য কৰ্মীৰদ্বাৰা টিকা প্ৰদান কৰিবলগীয়া এই এম আৰ টিকা অতি সুৰক্ষিত আৰু ই কোনো ধৰনৰ ক্ষতি নকৰে। গতিকে এই প্ৰতিষেধক অভিযানত অংশগ্ৰহণ কৰি সকলোকে সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাই চৰাইদেউ মহকুমা স্বাস্থ্য বিষয়া ডা: নিপেন বৰুৱাই। মৃত্যুঞ্জয় দাসে আঁত ধৰা সংবাদমেলত পাটসাকোঁ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ বিষয়া নিৰঞ্জন দাস, সাপেখাটি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্রৰ বিষয়া প্ৰফুল্ল শইকীয়া উপস্থিত থাকে।