নলবাৰী, সংবাদ ৩৬৫, ১৪ আগষ্ট: সুদীৰ্ঘ বছৰে সংবাদ জগতত সাংবাদিকতা কৰাৰ উপৰিও টেলেভিশ্যন জগত তথা ভ্ৰাম্যমাণ জগতত উচ্চ সংলাপেৰে দপ দপাই দৰ্শক ৰাইজক আমোদীত কৰা নিৰঞ্জন দাসৰ দুয়োটা বৃক্ক সমূৰ্ণ ৰূপে বিকল হৈ গুৱাহাটীৰ চানভেলি চিকিৎসালয়ত তৃতীয় মহলাৰ জেনেৰেল ৱাৰ্ডৰ ৩০৫ নম্বৰ বেদত অতি সংকট জনক ভাবে পৰি আছে। সাংবাদিক তথা দূৰদৰ্শন আৰু ভ্ৰাম্যমান থিয়েটাৰৰ জনপ্ৰিয় যুৱ অভিনেতা নিৰঞ্জন দাসে দূৰদৰ্শনত বহু কেইখন জনপ্ৰিয় ধাৰাবাহিক ‘দেউতাৰ সপোন’, ‘মৰমৰ ঘৰ’, ‘জীৱন নৈৰ ঢৌ’, ‘ঘৰ সংসাৰ’কে ধৰি ভ্ৰাম্যমাণ জগতৰ ‘নয়নতৰা থিয়েটাৰ’, ‘প্ৰাগজ্যোতিষ থিয়েটাৰ’, ‘ৰূপালীম থিয়েটাৰ’, ‘চিৰঞ্জীৱ থিয়েটাৰ’, ‘ ইতিহাস থিয়েটাৰ’ত খোজ পেলাই দৰ্শকৰ মন মোহিত কৰিছিল। অতি দৰিদ্ৰ পৰিয়ালত জন্মগ্ৰহণ কৰা নলবাৰী জিলাৰ বেলশৰৰ অৰবিন্দ দাসৰ দ্বিতীয় পুত্ৰ অভিনেতা তথা সাংবাদিক নিৰঞ্জন দাসৰ যোৱা ছয় মাহ পূৰ্বেই দেহৰ দুয়োটা বৃক্ক বিকল হোৱাৰ কথা চিকিৎসকৰ মুখৰ পৰা গম পায়। আৰু তেতিয়াৰ পৰাই নিৰঞ্জন দাসে তেওঁৰ এই ৰোগটোৰ নামত নিজৰ হাতত থকা সকলো জমা ধনেৰে চিকিৎসা গ্ৰহণ কৰি সম্পূৰ্ণৰূপে শেষ কৰিছে। ঘৰৰ মাটি ভেটিৰ নামত যি অলপ মাটি আছিল সেয়াও চিকিৎসাৰ নামত বিক্ৰী কৰিছে। বর্তমান তেওঁৰ হাত সুদা। এইক্ষেত্ৰত উন্নত চিকিৎসাৰ বাবে অভিনেতা জনে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সদাশয় ৰাইজক কাতৰ অনুৰোধ কৰিছে। এবছৰ পূৰ্বে সুখৰ সংসাৰ গঢ়াৰ বাবে বিবাহ পাশত আবদ্ধ হোৱা নৱবিহাহিতা পত্নীয়েও নিজৰ স্বামী দাসৰ উন্নত চিকিৎসাৰ বাবে সকলোকে আৰ্থিক সহায়ৰ ভিক্ষা মাগিছে। যদি কোনোবা সদাশয় ব্যক্তি, তথা অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনে অভিনেতা নিৰঞ্জন দাসক আৰ্থিক সহায়-সহযোগ কৰিব বিচাৰে তেন্তে তলত নিৰঞ্জন দাসৰ মোবাইল নম্বৰ ৬৯০০৭৪২১৪৪ আৰু বেংকৰ একাউন্ট নম্বৰ- ৩৪৫২০০৩৯৮১
( চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া )
আই এফ এছ চি কোড- চি বি আই এন অ ২৮১৫৮২
এম আই চি আৰ কোড- ৭৮১০১৬৮৪৪ নম্বৰত দিয়াৰ বাবে অনুৰোধ কৰিছে ।