মীৰ জিয়াউৰ ৰহমান

গোসাইগাঁও 

২৫ ছেপ্তেম্বৰ

কংগ্ৰেছ চৰকাৰতকৈ বেছি মিছলীয়া বিজেপি চৰকাৰ। বিজেপিয়ে নিৰ্বাচনত জয়লাভ কৰিলে আদিবাসী সকলক জনজাতিকাৰণৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু বিজেপিৰ প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনলৈ ৰূপান্তৰিত হ’ল। বিজেপিক তীব্ৰ সমালোচনা আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইষ্টিফান লাক্ৰাৰ।

অসমত বসবাস কৰা আদিবাসী সকলৰ দীৰ্ঘদিনীয়া দাবী জনজাতিকৰণকে ধৰি চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰা, ৰাজ্যখনৰ বনাঞ্চল আৰু চাহ বাগিচা অঞ্চলত বসবাস কৰা আদিবাসী সকলক অতি শীঘ্ৰে ভুমি পাট্টা প্ৰদান কৰা আৰু ৰাজ্যখনৰ চাহ বাগিচা সমূহৰ লগতে গ্ৰাম্যঞ্চলৰ আদিবাসী অধ্যষিত এলেকাত হাইস্কুল স্থাপন কৰা দাবীত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কোকোৰাঝাৰ জিলা সমিতিয়ে গোসাইগাঁও মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যলয়ৰ সন্মুখত দুঘণ্টীয়া ধৰ্ণা কাৰ্যসুচী ৰূপায়ন কৰে। ধৰ্ণ কাৰ্য়সুচীত শতাধিক আছাৰ নেতা-কৰ্মী আৰু সমৰ্থকে অংশ গ্ৰহন কৰি ন এছটি ন ৰেষ্ট, বিজেপি চৰকাৰ হায় ! হায় ! বিজেপি চৰকাৰ হুচিয়াৰ, জনজাতিকৰণ আমাক লাগিবই, আমাৰ দাবী মানিবাই লাগিব আদি শ্ল’গানৰে প্ৰতিবাদ সাব্যস্ত কৰি পৰিবেশ উওাল কৰি তোলে৷ ধৰ্ণা কাৰ্যসূচীৰ অন্তত আছাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ইষ্টিফান লাক্ৰাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপি দলে চৰকাৰ গঠন কৰিলে আদিবাসী সকলক জনজাতিকৰণ প্ৰদনা কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ল কিন্ত কাৰ্যত প্ৰতিশ্ৰুতিবোৰ ফুটুকাৰ ফেনলৈ ৰূপান্তিৰত হ’ল৷ আদিবাসী জনগোষ্ঠীক বিজেপিয়ে দিয়া এটা প্ৰতিশ্ৰুতি পূৰণ নকৰিলে৷ কংগ্ৰেছ চৰকাৰতকৈ বিজেপি চৰকাৰ বেছি মিছলীয়া বুলি মন্তব্য কৰি বিজেপিক তীব্ৰ সমালোচনা কৰে ইষ্টিফান লাক্ৰাই৷

উল্লেখ্য যে অধিবাদী সকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান, চাহ শ্ৰমিক সকলকৰ মজুৰি ৩৫১ টকালৈ বৃদ্ধিৰ লগতে অসমত বসবাস কৰা আদিবাসী লোক সকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত ৰাজ্যজুৰি বিভিন্ন আদিবাসী দল-সংগঠনৰ লগতে চাহ শ্ৰমিক সকলে বিগত কিছুদিন ধৰি উত্তাল প্ৰতিবাদ অব্যাহত ৰাখিছে। ২০২১ ৰ নিৰ্বাচন পূৰ্বে আদিবাসী লোক সকলৰ সমস্যা সমূহৰ সমাধান নকৰিলে বিজেপি চৰকাৰক উচিত প্ৰত্যুত্তৰ দিয়াৰো হুংকাৰ প্ৰদান কৰিছে আদিবাসী দল-সংগঠনে।