ডিফু 

২৫ ছেপ্তেম্বৰ

৫ কোটি টকা মূল্যৰ ড্ৰাগছসহ তিনি যুৱক আৰক্ষীৰ জালত।ড্ৰাগছ বিৰোধী বিশেষ অভিযান চলাই মাঞ্জা আৰক্ষীয়ে লাভ কৰিলে বৃহৎ সাফল্য। কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত আৰক্ষীয়ে অধিক তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান।

কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে শুকুৰবাৰে পুৱাই এক বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হয়। কাৰ্বি আংলংৰ ডিমাপুৰ-মাঞ্জা পথত শুকুৰবাৰে পুৱা কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীৰ জালত পৰিল বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ তিনি জন মণিপুৰী যুৱক‌। ঘটনাৰ বিৱৰণী অনুসৰি এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত কাৰ্বি আংলং জিলাৰ উপ-আৰক্ষী অধীক্ষক (মুখ্য) নাহিদ কৰিশ্মা আৰু মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জিতুমণি ডেকাৰ নেতৃত্বত পুৱা প্ৰায় ৫.৩০ বজাত মাঞ্জা আৰক্ষী চেক প’ষ্টত নিয়মীয়া তালাচী চলাই আৰক্ষীয়ে এখন ট্ৰাকৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এএছ-০১-কেচি-১৩৮৪ নম্বৰৰ ছয় চকীয়া ট্ৰাক এখনৰ নথি-পত্ৰসহ ট্ৰাকখনত তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰে ড্ৰাগছখিনি। ট্ৰাকখনত লুকুৱাই অনা অৱস্থাত প্ৰতিটো পেকেটত ২০০ টা য়াবা টেবলেটসহ ৭৫ টা সৰু প্লাষ্টিকৰ পেকেটত ১৩-১৫ গ্ৰামকৈ ব্ৰাউন চুগাৰ-হেৰ’ই উদ্ধাৰ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫ কোটি টকা হ#ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। ড্ৰাগছখিনিৰ লগতে আৰক্ষীয়ে মণিপুৰৰ মহম্মদ ছয়িদ আৰু মহম্মদ চানিফ খান নামৰ দুজন সৰবৰাহকাৰী আৰু ট্ৰাকখনৰ চালক মণিপুৰৰে চাগিৰ খানক গ্ৰেপ্তাৰ কৰিছে।

ঘটনা সংক্রান্তত আৰক্ষীয়ে মাঞ্জা থানাত ৩৪/২০২০ নম্বৰৰ এক গোছৰ ৰুজু কৰি অধিক তথ্যৰ বাবে যুৱককেইজনক জেৰা চলাই থকা বুলিও জানিব পৰা গৈছে৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি কাৰ্বি আংলং আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সমূহত ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্রতৰ কৰি ধাৰাবাহিকভাৱে ড্ৰাগছ জব্দ কৰা পৰিলক্ষিত হৈছে।