গুৱাহাটী, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত শোকাৱহ দুৰ্ঘটনাত মৃত্যু হোৱা কটন বিশ্ববিদ্যালয়ৰ দুই মেধাবী ছাত্ৰী অংকিতা বৰুৱা আৰু দিম্পি দাসৰ অকাল মৃত্যুত বৃহস্পতিবাৰে উপযুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কটনিয়ানে। উল্লেখযোগ্য যে বুধবাৰে শিক্ষক দিৱসৰ কাৰ্যসূচী অনুষ্ঠান সম্পন্ন কৰি দিনৰ ভাগতে ঘৰলৈ উভতাৰ পথতে লুইতৰ বুকুত যাত্ৰীবাহী নৌকা এখন যান্ত্ৰিক বিজুতি ঘটি দুৰ্ঘটনাত পতিত হৈ পানীত ডুব যায়। আৰু এই শোকাৱহ দুৰ্ঘটনাত কটন বিশ্ববিদ্যালয়ৰ দুই ছাত্ৰী অংকিতা বৰুৱা আৰু দিম্পি দাসৰ মৃত্যু হয়। এই শোকাৱহ দুৰ্ঘটনাত দুই মেধাৱীয়ে মৃত্যুক সাৱটি লব লগা হয় একমাত্ৰ জলপৰিবহন বিভাগৰ চৰম গাফিলটিৰ বাবে। উল্লেখযোগ্য যে নাওখনত কোনো লাইফ জেকেটৰ সুবিধা নাছিল, প্ৰয়োজনকৈ অতিৰিক্ত যাত্ৰী বহন কৰি নিছিল নাওখনে। সেই উদ্দেশ্যে কটন বিশ্ববিদ্যালয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত কটন বিশ্ববিদ্যালয় একতা সভাৰ উদ্যোগত এখনি শোক সভা অনুস্থিত কৰে। আৰু তাৰ পাছত ছাত্ৰ একতা সভাৰ উদ্যোগত এক শান্তিপূৰ্ণ প্ৰতিবাদী সমদল উলিয়াই উপায়ুক্তৰ কাৰ্য্যালয়ৰ দিশে আগবঢ়াত মেঘদূত ভৱনৰ সন্মুখত আৰক্ষীৰ লোকে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰাৰ ফলত দুই পক্ষৰ মাজত হতাহতি হৈ জাঙুৰ খাই উঠি আৰক্ষীৰ বেষ্টনী ভাঙি আগুৱাই যায় প্ৰতিবাদকাৰীসকল। বহু সময় ধৰি উপযুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰি কোনো ধৰণৰ সঁহাৰি নোপোৱাত ছাত্ৰ ছাত্ৰী সকলে ৰাস্তাৰ ওপৰতে বহি প্ৰায় এঘণ্টা সময় প্ৰতিবাদ সাব্যস্ত কৰে। পিছত গুৱাহাটী মহানগৰীৰ ৰাজহ চক্ৰ বিষয়াৰ হাতত সতীৰ্থক হেৰুৱাই ম্ৰিয়মান হৈ কটন বিশ্ববিদ্যালয় একতা সভাৰ সাধাৰণ সম্পাদক মনোমোহন চুতীয়াৰ স্বাক্ষৰিত বিভিন্ন দাবী উথাপিত এখন স্মাৰক পত্ৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষা মন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। বৃহস্পতিবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীত সন্দিকৈ ছোৱালী মহাবিদ্যালয় ছাত্ৰী একতা সভাইও সহযোগ কৰে।