লক্ষীমপুৰ, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: লক্ষীমপুৰ শিক্ষা খণ্ডৰ অৰ্ন্তগত কদম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বৃহস্পতিবাৰে নৱাগত আদৰণি সভা আৰু ২০১৮ বছৰত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িওৱা ৯ গৰাকী কৃতী ছাত্ৰ – ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। প্ৰাপ্ত বাতৰি মতে শ্ৰীযুত প্ৰদীপ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত বিদ্যালয়ৰ অধক্ষ্য শ্ৰীযুত ৰামনাথ হাজৰীকাই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে । তাৰ পাছতে ২০১৮ বৰ্ষত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অৱিষেক বাঘোৱাৰ,গৌৰাঙ্গ সোনোৱাল,জামাল আলি,যোগেশ চাংমাই,লক্ষ্য কোঁৱৰ,ৰুপম ৰাজখোৱা,চয়নিকা গগৈ,মদুস্মিতা সোনোৱাল আৰু পুজা দিহিঙ্গীয়াক বিদ্যালয়ৰ তৰফৰ পৰা এখনি অভিনন্দন পত্ৰ আৰু এটি কিতাপৰ টোপোলাৰে অভিনন্দন জনোৱাৰ লগতে স্থানীয় সমাজ কৰ্মী দিপেন গগৈয়ে তেওৰ প্ৰয়াত পিতৃৰ সোৱৰণত আটাইকেইগৰাকী ছাত্ৰ-ছাত্ৰীকে এটি কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনায় ।এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি প্ৰাক্তন শিক্ষক বিশ্ব দত্ত,হেমন্ত গোহাইয়ে ব্যক্তিগত ভাৱে সম্বৰ্ধনা জনাই । তাৰ পাছতে উক্ত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা লক্ষীমপুৰ জিলাৰ সাংবাদিক সন্থাৰ দভাপতি মজিন সোনোৱাল দেৱে সভাত উপস্থিত থকা অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলৰ উদ্দেশ্যী সাৰুৱা মন্তব্য ডাঙি ধৰাৰ পাছতে দীৰ্ঘা মাজ গাও উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ইন্দ্ৰেশ্বৰ শৰ্মাই ভাষণ প্ৰদান কৰাৰ পাছতে বিদ্যালয়খনৰ নবিন প্ৰবীন ছাত্ৰ ছাত্ৰী সকলে কৃষ্টী প্ৰদৰ্শন কৰে ।