বঙাইগাঁও, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰা ৪ৰ্থ খণ্ডত মাটি বেচা কিনাক লৈ তীব্ৰ উত্তেজনা আৰু মাৰপিট হয়। কোকিলা নয়াপাৰাৰ সামেজ উদ্দিন আৰু ওৱাজেদ আলীয়ে প্ৰায় ১৪ বছৰ পূৰ্বে গোলাপাৰা ৪ৰ্থ খণ্ডত থকা ৩ বিঘা মাটি জুৰান আলী আৰু আব্বাছ আলীৰ ওচৰত বিঘা প্ৰতি ২০ হাজাৰ টকাকৈ বিক্ৰী কৰিছিল। মাটি বিক্ৰীৰ সময়ত কোনো দলিল বা কাগজত চহী নকৰাকৈ ওৱাজেদ আলী আৰু ছিৰাজ আলীৰ জৰিয়তে টকা সামেজ উদ্দিন আৰু ওৱাজেদ আলীক দিয়ে। বত্তৰ্মান সময়ত মাটিৰ দাম বৃদ্ধি পোৱাত পুনৰ আন এজন ব্যক্তিৰ ওচৰত সামেজ আলী আৰু ওৱাজেদ আলীয়ে মাটি বিক্ৰী কৰে। বৃহস্পতিবাৰে সামেজ আলী আৰু ওৱাজেদ আলীয়ে সাংগ পাংগ লৈ মাটি দখল কৰিবলৈ যোৱাত তীব্ৰ উত্তেজনা ও হতাহতি হয়। গাওঁবাসীয়ে উত্তেজিত হৈ মাৰপিট কৰাৰ লগতে ৰচীৰে বান্ধি ৰাখিবলৈ চেষ্টা কৰে । পৰিস্থিতি ইমানেই উত্তেজনাৰ সৃষ্টি হয় যে কেইবাশ লোক গোট খায় ।পিছত কেইবাজনো সমাজ সচেতন লোকৰ চেষ্টাত পৰিস্থিতি কিছু শাম কাটে আৰু ৰবিবাৰে কোকিলাত সামাজিক মেল যোগে মাটিৰ সমস্যা সমাধান কৰিব বুলি জনা গৈছে।