বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১০ নৱেম্বৰ: নগাওঁ জিলাৰ পশ্চিম প্ৰান্তৰ ধিং অঞ্চলত বিভিন্ন ঠাইত সংখ্যালঘু গণতান্ত্ৰিক যুৱ ফেডাৰেশ্বনৰ উদ্যোগত আৰু ফোৰাম ফৰ ছ’চিয়েল হাৰমনিৰ সহযোগত শনিবাৰে টুকটুকী আৰু বাটমৰীত শান্তি-সম্প্ৰতিৰে ভাতৃত্ববোধ অটুট ৰখাৰ উদ্দেশ্যে এক সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰা হয়। টুকটুকীস্হিত কটহগুৰি বজাৰত বিয়লি ৪ বজাত অনুষ্ঠিত হয় “কোথায় আমাৰ দেশ”আৰু বাটমৰীত দুপৰীয়া ১ বজাত অনুষ্ঠিত হয় “আদাব”। উল্লেখ্য যে,কোৰাচ গোষ্ঠীৰ দ্বাৰা পৰিৱেশন হোৱা বাটৰ নাটখনে ডি-ভোটাৰ ,ডিটেনশ্বন কেম্প আৰু অসমত শ্ৰমজীৱি মানুহৰ নাগৰিকত্ব হৰণৰ দৰে ৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বিৰুদ্ধে প্ৰদৰ্শন কৰাত ৰাইজৰ পৰা সমাদৰ লাভ কৰা পৰিলক্ষিত হয় ৷ এই বাটৰ নাটৰ জৰিয়তে অসমত বাস কৰা সকলো ধৰ্ম, ভাষা, জাতি-জনগোষ্টিৰ মানুহৰ মাজত ভাতৃত্ববোধ আৰু মিলা প্ৰীতি অটুট ৰখাৰ বাবে এই সজাগতামুলক বাটৰ নাট পৰিৱেন কৰা বুলি আয়োজক সকলে জানিবলৈ দিয়ে ৷