ধুবুৰী, সংবাদ ৩৬৫, ৬ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ তামাৰহাটৰ হাতীধুৰা বজাৰত গোসাইগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ উদ্যোগত কোকৰাঝাৰ জিলা যুৱ কংগ্ৰেছৰ উপ সভাপতি মইদুল ইছলাম আৰু গোঁসাইগাঁও সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি ছাদ্দাম হুছেইন প্ৰধানীৰ উপস্থিতিত প্ৰয়োজনীয় সামগ্ৰীৰ লগতে পেট্ৰল ডিজেলৰ অত্যাধিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰা পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰাৰ লগতে মন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী কৰি প্ৰতিবাদ সাব্যস্ত কৰে যুৱ কংগ্ৰেছে। কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হোৱাৰ পৰা অত্যাধিক মূল্যবৃদ্ধি হয় বুলি দাবী কৰে যুৱ কংগ্ৰেছে। এই প্ৰতিবাদৰ যোগেদি মিছলিয়া বিজেপি চৰকাৰৰ মূল্য বৃদ্ধি ৰোধৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চকিয়াই দিয়াৰ লগতে ব্যর্থ পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰাৰ লগতে মন্ত্ৰী পদৰ পৰা পদক্ষেপৰ দাবী জনাইছে প্ৰতিবাদী সকলে। অন্যথায় ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ বাবে হুংকাৰ দিয়ে যুৱ কংগ্ৰেছ প্ৰতিবাদীয়ে।