লক্ষীমপুৰ, সংবাদ ৩৬৫, ২৫ আগষ্ট: লক্ষীমপুৰ শিক্ষা খণ্ডৰ অৰ্ন্তগত প্ৰাথমিক বিদ্যালয়সমুহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সমন্বয়,ভাতৃত্ববোধ ,মানসিক উৎকৰ্ষ সাধন আৰু বৌদ্ধিক বিকাশৰ চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যে শনিবাৰে কদম মণ্ডল সমল কেন্দ্ৰ অৰ্ন্তগত কদমীয়াল মধ্য ইংৰাজী বিদ্যালয়ত এখন আন্ত: কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । বিশদ খবৰ অনুসৰি ৰূপহী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক চচিধৰ দত্তৰ সঞ্চালনাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনিত উদ্ধোধনী ভাষণ প্ৰদান কৰে উত্তৰ লক্ষীমপুৰ মধ্য ইংৰাজী শিক্ষক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাজখোৱাই । ইয়াৰ পাছতে দেৱী প্ৰসাদ উপাধ্যায়,নিৰ্মল দত্ত আৰু পুনেশ্বৰ দিহিঙ্গীয়াৰ পৰিচালনাত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত প্ৰাথমিক শাখাত মুঠ দহ খন আৰু উচ্চ প্ৰাথমিক শাখাত তিনিখন বিদ্যালয়ে অংশগ্ৰহন কৰে । তাৰ পাছতে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা লক্ষীমপুৰ শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সৌৰভ বৰফুকনে উপস্থিত থকাসকলো ছাত্ৰ -ছাত্ৰীক মৰম আৰু শুভেচ্ছা জনোৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহন কৰা বাবে ধন্যবাদৰ লগতে উৎসাহিত কৰে । মণ্ডল সমল বিষয়া কিৰণ গগৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাত নিম্ন প্ৰাথমিক শাখাত কদম বালিজান প্ৰাথমিক বিদ্যালয় প্ৰথম স্থান,কাকৈয়াল প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু কদম বাগান প্ৰাথমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে উচ্চ প্ৰাথমিক শাখাত কদম কছাৰী আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ে প্ৰথম স্থান,কদমীয়াক মধ্য ইংৰাজী বিদ্যালয়ে দ্বিতীয় স্থান আৰু কদম মজলীয়া বিদ্যালয়ে তৃতীয় স্থান লাভ কৰে ।